কয়লা, খনি আৰু সংসদীয় পৰিক্ৰমা মন্ত্রী প্রহ্লাদ যোশীয়ে কৈছে যে, দেশত কেপ্টিভ অর্থাৎ কোম্পানীৰ নিজস্ব প্রয়োজন পূৰণৰ বাবে কয়লা উৎপাদন কৰা খনি আৰু বাণিজ্যিক কয়লা খনিৰ উৎপাদন নিৰন্তৰ বৃদ্ধি পাইছে। বিগত ৬ বছৰত কয়লা খনিৰ উৎপাদন ২১৬ শতাংশ বৃদ্ধি পাইছে। শ্রী যোশীয়ে কালি কয়লা মন্ত্ৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এখন বৈঠকত দুয়ো প্ৰকাৰৰ খনিৰ কয়লা উৎপাদনৰ পর্যালোচনা চলায়। বৈঠকত উভয় প্ৰকাৰৰ খনিৰ পৰা চলিত বিত্তীয় বৰ্ষত কয়লাৰ উৎপাদন ৩৯ শতাংশ বৃদ্ধিৰ উপায় সম্পর্কে আলোচনা কৰা হয়। শ্ৰী যোগীয়ে ভূগর্ভস্থ কয়লা খনিৰ পৰা উৎপাদনৰ বুজ লয় আৰু ১০ কোটি টন কয়লা উৎপাদনৰ লক্ষ্যত উপনীত হোৱাৰ বাবে ভূগর্ভস্থ কয়লা খনি মিছন পৰিকল্পনাত গুৰুত্ব আৰোপ কৰে। (AIR NEWS)