A part of Indiaonline network empowering local businesses Chaitra Navratri

বিধানসভাত ২০২৩-২৪ বৰ্ষৰ বাজেট উত্থাপন;মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনা আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি

News

অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে সামাজিক সুৰক্ষাত গুৰুত্ব আৰোপ কৰি আজি বিধানসভাত ২০২৩-২৪ বৰ্ষৰ বাজেট উত্থাপন কৰে। ২০২৩-২৪ বৰ্ষৰ বাজেটখন একত্ৰীকৰণ বিষয়ক বাজেট। লগতে এই বাজেটখন এখন সম্প্ৰসাৰণ বিষয়ক বাজেটো। তেওঁ কয় যে এখন উজ্জীৱিত অসমৰ বাবে শক্তিশালী ভেটি নিৰ্মাণৰ উদ্দেশ্যে আয়-ব্যয় সম্বন্ধীয় একত্ৰীকৰণ, বিত্তীয় একত্ৰীকৰণ, কৃষি খণ্ডৰ একত্ৰীকৰণ, আন্তঃগাঁথনি সৃষ্ট বিকাশৰ একত্ৰীকৰণ, পৰ্যটনৰ সম্ভাৱনা, চৰকাৰী চাকৰি, অৰুণোদয় আঁচনি, জনসাধাৰণৰ মৌলিক প্রয়োজন পূৰণ, সকলোৰে বাবে স্বাস্থ্য, যাতায়ত ব্যৱস্থাৰ জৰিয়তে ৰূপান্তৰ, সকলোৰে বাবে শিক্ষা, সুদক্ষ অসম, শান্তি, অর্থনৈতিক দৃশ্যপট, পুনৰ উজ্জীৱিত ভাৰত আৰু পুনৰ উজ্জীৱিত অসম আদিৰ বিষয়ত ২০২৩-২৪ বৰ্ষৰ বাজেটত মুখ্যভাৱে গুৰুত্ব দিয়ে।
বাজেট ভাষণত শ্ৰীমতী নেওগে ৰাজ্যত মুখ্যমন্ত্রী আয়ুষ্মান অসম যোজনা আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। এই আঁচনিৰ অধীনত ২৭ লাখ পৰিয়ালে ৫ লাখ টকাৰ নগদ ধন ৰহিত চিকিৎসাৰ সুবিধা লাভ কৰিবলৈ সমৰ্থ হ'ব। চৰকাৰে লগতে প্রধানমন্ত্ৰী আৱাস যোজনাৰ লেখিয়াকৈ মুখ্যমন্ত্ৰী আৱাস যোজনা প্ৰৱৰ্তনৰ কথা ঘোষণা কৰে।
২০২৩-২৪ বৰ্ষত ১ লাখ হিতাধিকাৰীক এই আঁচনিত সামৰি লোৱা হ'ব আৰু ইয়াৰ বাবে ৮০০ কোটি টকা আবণ্টন দিয়া হৈছে। বিত্তমন্ত্ৰীয়ে বাজেটত অত্যাধুনিক সুবিধাসহ তিনি হাজাৰ নতুন আদর্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ দিয়ে। ৭৭ খন ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান আৰু পলিটেকনিকছক ৩৬৭ কোটি টকা ব্যয়ৰে উৎকৰ্ষ কেন্দ্ৰলৈ উন্নীত কৰা হ’ব। অসম চৰকাৰে লগতে দৰিদ্ৰ সীমাৰেখাৰ পৰিয়াল আৰু নিম্ন আয়ৰ পৰিয়ালৰ যুৱক-যুৱতীসকলৰ মাজত স্বনিয়োজৰ সুবিধা সৃষ্টি কৰাৰ উদ্দেশ্যে ক্ষুদ্ৰ উদ্যোগীৰ উন্নয়নৰ বাবে এখন আঁচনি ৰূপায়ণ কৰাৰ প্ৰস্তাৱ দিছে। (AIR NEWS)

7 Days ago