বিশ্বনাথত নিৰ্মাণ হ’ব অসমৰ দ্বিতীয়টো ৰজ্জুপথ

News

গুৱাহাটী: গুৱাহাটী-উত্তৰ-গুৱাহাটী সংযোগী ৰজ্জু পথৰ পিছত অসমত দ্বিতীয়টো ৰজ্জুপথ নিৰ্মাণৰ বাবে আগবাঢ়িছে অসম চৰকাৰ। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে আজি পৰ্যন্ত গুৱাহাটী-উত্তৰ-গুৱাহাটী সংযোগী ৰজ্জুপথ ৰাইজৰ যাতায়াতৰ বাবে মুকলি কৰি দিবলৈ সক্ষম হোৱা নাই।

অসমৰ দ্বিতীয়টো ৰজ্জুপথ নিৰ্মাণ কৰা হ’ব বিশ্বনাথ ঘাটত আৰু ই বিশ্বনাথ ঘাট আৰু উমাটুমণি নদীদ্বীপক সংযোগ কৰিব। ইয়াৰ বাবে অলপতে ৰাজ্যৰ বিত্ত তথা গড়কাপ্তানি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই স্থান পৰিদৰ্শন কৰে।

মন্ত্ৰীজনে কয় যে কলকাতাৰ পৰা এটা বিশেষজ্ঞৰ দল আহি ইতিমধ্যেই এই স্থান পৰিদৰ্শন কৰি গৈছে আৰু জিলা প্ৰশাসনে সংশ্লিষ্ট এলেকাৰ ভুমি সংক্ৰান্তীয় কাৰ্যাৱলী সম্পূৰ্ণ কৰি তোলাৰ পিছতেই এই ৰজ্জুপথ নিৰ্মাণৰ কাম আৰম্ভ হ’ব। (INDIAONLINE)

84 Days ago