आपकी जीत में ही हमारी जीत है
Promote your Business

বিশ্ববিদ্যালয়সমূহক পৰীক্ষা অনুষ্ঠিত কৰাৰ অনুমতি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ

news

গুৱাহাটী: দেশৰ বিশ্ববিদ্যালয়সমূহে অনুষ্ঠিত কৰিব পাৰিব পৰীক্ষা। বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিয়ম অনুসৰিয়েই অনুষ্ঠিত হ’ব চূড়ান্ত বৰ্ষৰ লগতে ষাণ্মাসিকৰ পৰীক্ষা। শেহতীয়াকৈ বিশ্ববিদ্যালয় আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহক পৰীক্ষা অনুষ্ঠিত কৰাৰ অনুমতি দিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। সোমবাৰে গৃহ মন্ত্ৰালয়ে কেন্দ্ৰীয় চৰকাৰৰ উচ্চ শিক্ষা সচিবক পত্ৰ প্ৰেৰণ কৰি এই অনুমতি প্ৰদান কৰে।

বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ নিৰ্দেশ অনুসৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ অনুমোদিত ‘ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰট'কল’ মানি বিশ্ববিদ্যালয়ৰ শৈক্ষিক কেলেণ্ডাৰত ধাৰ্য কৰা অনুসৰি চূড়ান্ত বৰ্ষ বা ষাণ্মাসিকৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব লাগিব।

উল্লেখযোগ্য যে, কোৰোণা মহামাৰীক কেন্দ্ৰ কৰি বিশ্ববিদ্যালয় তথা উচ্চ শিক্ষা প্ৰতিষ্ঠান সমূহৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অনিশ্চয়তাই দেখা দিছিল। (INDIAONLINE)

37 Days ago

Video News

Download Our Free App

Advertise Here