আয়াৰলেণ্ডৰ লিমেৰিকত অনুষ্ঠিত বিশ্ব আৰ্চাৰী যুৱ চেম্পিয়নশ্বিপৰ জুনিয়ৰ মিক্সড টীম কম্পাউণ্ড ইভেন্টত ইজৰাইলক পৰাস্ত কৰি ভাৰতীয় ধনুর্বিদ প্রিয়াংশ আৰু অৱনীত কৌৰে সোণৰ পদক অৰ্জন কৰিছে। ইফালে, কেডেট মিক্সড কম্পাউণ্ড ইভেন্টত ভাৰতৰ মানৱ যাদৱ আৰু ঐশ্চৰ্য শৰ্মাই মেক্সিকোক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰিছে। আয়াৰলেণ্ডৰ পশ্চিম লিমেৰিক বিশ্ববিদ্যালয়ত অনুষ্ঠিত বিশ্ব আৰ্চাৰী যুৱ প্রতিযোগিতাখন অহা ৯ জুলাইত অন্ত পৰিব। (AIR NEWS)