आपकी जीत में ही हमारी जीत है
Promote your Business

বৃহস্পতিবাৰলৈ বৃদ্ধি পালে ইণ্টাৰনেট সেৱা সক্ৰিয় কৰাৰ সময়সীমা

news

গুৱাহাটী: বৃহস্পতিবাৰলৈকে বৃদ্ধি পালে ৰাজ্যত মোবাইল ইণ্টাৰনেট সেৱা সক্ৰিয় কৰি দিয়াৰ সময়সীমা। ইয়াৰ উপৰিও এবাৰতে একাধিক মেছেজ প্ৰেৰণৰ সুবিধাও কৰ্তন কৰি ৰখা হৈছে। আজি পুৱা ৯ বজাৰ পৰা ইণ্টাৰনেট সেৱা মুকলি কৰি দিয়াৰ কথা আছিল যদিও সাম্প্ৰতিক পৰিস্থিতিৰ বাবে মুকলি কৰি দিয়া নহয় মোবাইল ইণ্টাৰনেট। আৰক্ষী আৰু চোৰাংচোৱাৰ প্ৰতিবেদনৰ ভিত্তিতে উচ্চ ন্যয়ালয়ক জনালে ৰাজ্য চৰকাৰে। 

মোবাইল ইণ্টাৰনেট কৰ্তন সন্দৰ্ভত বৃহস্পতিবাৰে পুনৰ শুনানি গ্ৰহণ কৰা হ’ব গুৱাহাটী উচ্চ ন্যায়ালয়ত। বৰ্তমান ১৯ ডিচেম্বৰৰ পুৱা ৯ বজালৈ বৃদ্ধি কৰা হৈছে এই ইণ্টাৰনেট সেৱা সক্ৰিয় কৰাৰ সময়সীমা।

১৭ ডিচেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰক মঙলবাৰে বিয়লি ৩ বজাত ইণ্টাৰনেট সেৱা পুনঃসংযোগ কৰাৰ নিৰ্দেশ দিছিল যদিও উল্লেখ কৰিছিল যে পৰিস্থিতিৰ তীব্ৰতাৰ প্ৰতি লক্ষ্য ৰাখি এই সন্দৰ্ভত ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব।

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি চলা তীব্ৰ প্ৰতিবাদৰ পিছতে ১১ ডিচেম্বৰৰ পৰা বন্ধ ৰখা হৈছিল ইণ্টাৰনেট সেৱা। ছচিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুক, হোৱাটছ এপ, টুইটাৰ আৰু ইউটিউবত ভুৱা সম্প্ৰচাৰত বাধা প্ৰদানৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছিল প্ৰশাসনে। (INDIA ONLINE)

202 Days ago

Video News

Download Our Free App

Advertise Here