आपकी जीत में ही हमारी जीत है
Promote your Business

ব্ৰহ্মপুত্ৰৰ গৰ্ভত নিৰ্মাণ হ’ব দেশৰ প্ৰথমটো পানীৰ তলৰ সুৰংগ

news

গুৱাহাটী: ব্ৰহ্মপুত্ৰৰ গৰ্ভত নিৰ্মাণ হ’ব দেশৰ প্ৰথমটো পানীৰ তলৰ সুৰংগ। ব্ৰহ্মপুত্ৰ নদীৰ তলত ১৪.৮৫ কিলোমিটাৰ দীঘল সুৰংগ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে মঞ্জুৰী প্ৰদান কৰিছে। জানিব পৰা মতে এই সুৰংগটো চীনৰ পূৱত থকা তাইহু জলাশয়ৰ তলত নিৰ্মাণ হোৱা সুৰংগতকৈও অধিক দীঘল হ’ব। 

অন্যহাতে কেন্দ্ৰ চৰকাৰে অৰুণাচল প্ৰদেশৰ পৰা অসমলৈ পথ পৰিবহন ব্যৱস্থা মজবুত কৰিবলৈ চিন্তা চৰ্চা চলাই আছে বুলি জানিব পৰা গৈছে। কেন্দ্ৰীয় চৰকাৰে অসমৰ গহপুৰ ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নুমলীগডৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথক সংযুক্ত কৰিবলৈ ব্ৰহ্মপুত্ৰৰ তলেৰে চাৰি লেনযুক্ত সুৰংগ নিৰ্মানৰ বাবে মঞ্জুৰী প্ৰদান কৰিছে।

জানিব পৰা মতে পথ পৰিবহন তথা ৰাজমাৰ্গ মন্ত্ৰালয়ৰ সাৰ্বজনিক উপক্ৰম এন এচ এই আই ডি চি এলে আমেৰিকাৰ কোম্পানীয়ে দাখিল কৰা নদীৰ তলত নিৰ্মান কৰিবলগীয়া ডিটেল প্ৰজেক্ট ৰিপ’ৰ্টত মঞ্জুৰি দিছে। 

এই নিৰ্মাণৰ কাম অহা ডিচেম্বৰ মাহৰপৰা আৰম্ভ হ’ব বুলি তথ্য লাভ কৰা গৈছে। (INDIAONLINE)

77 Days ago

Download Our Free App

Advertise Here