অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে নাগপুৰত অনুষ্ঠিত চাৰিখনীয়া বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলৰ আজি প্ৰথম দিনা ১৭৭ ৰানত প্ৰথম ইনিংছ সামৰে। অষ্ট্ৰেলিয়াৰ হৈ লাবুশ্বেনে সৰ্বাধিক ৪৯ ৰান কৰে। ভাৰতৰ ৰবীন্দ্ৰ জাদেজাই ৫ টা উইকেট দখল কৰাৰ বিপৰীতে ৰবিচন্দ্ৰন অশ্বিনে ৩ টা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত ভাৰতে প্ৰথম দিনৰ খেলৰ সামৰণি পৰলৈকে এটা উইকেট হেৰুৱাই ৭৭ ৰান সংগ্ৰহ কৰে। দিনান্তত ৰোহিত শৰ্মাই ৫৬ ৰান কৰি আউট নোহোৱাকৈ খেলি আছিল। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়া দলৰ অধিনায়ক পেট কামিন্ছে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লয়। (AIR NEWS)