A part of Indiaonline network empowering local businesses

ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী ভাৰতৰ দখলত

News

ভাৰতে নতুন দিল্লীত অনুষ্ঠিত ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত অষ্ট্ৰেলিয়াক ৬ উইকেটত পৰাস্ত কৰি ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী নিজৰ দখলত ৰাখিবলৈ সমৰ্থ হৈছে। ভাৰতে আজিৰ জয়েৰে চাৰিখনীয়া শৃংখলাটোত ২-০ ফলাফলেৰে অপ্ৰতিৰোধ্য অগ্রগতি লাভ কৰিছে। শৃংখলাত দুখন খেল বাকী আছে যদিও ভাৰতে যোৱাবাৰৰ শৃংখলাত জয়লাভ কৰাৰ সুবাদত এই ট্ৰফী নিজৰ দখলত ৰাখিবলৈ সমৰ্থ হৈছে। অষ্ট্ৰেলিয়াই আজি খেলখনৰ তৃতীয় দিনা জয়ৰ বাবে ভাৰতক ১১৫ ৰাণৰ লক্ষ্য বান্ধি দিয়ে। প্ৰত্যুত্তৰত ভাৰতে চাৰিটা উইকেট হেৰুৱাই ১১৮ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই ১ উইকেটৰ বিনিময়ত কালি সংগ্রহ কৰা ৬১ ৰাণৰ পৰা নিজৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰি ১১৩ ৰাণত আটাইকেইটা উইকেট হেৰুৱায়। ভাৰতৰ হৈ ৰবীন্দ্ৰ জাদেজাই নিজৰ খেলুৱৈ জীৱনৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে সাতটা উইকেট দখল কৰে। প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াই ২৬৩ ৰাণ কৰাৰ বিপৰীতে ভাৰতে ২৬২ ৰাণ সংগ্ৰহ কৰিছিল। (AIR NEWS)

41 Days ago