A part of Indiaonline network empowering local businesses

বৰ্তমানলৈকে মুঠ আঢ়ৈ লাখৰো অধিক তীর্থযাত্ৰীৰ অমৰনাথ গুহা দর্শন

news

জম্মু-কাশ্মীৰত আজি পুৱা ভগৱতী নগৰ যাত্ৰী নিৱাসৰ পৰা ৬,২২৫ গৰাকী তীর্থযাত্ৰীৰ ষষ্ঠদশ দল কটকটীয়া নিৰাপত্তাৰ মাজত পৱিত্ৰ অমৰনাথ গুহা দৰ্শনৰ বাবে ৰাওনা হয়। যাত্ৰীসকল বালটাল আৰু পেহেলগামৰ মূল শিবিৰত উপস্থিত হ’ব। ২১৭ খন সৰু-বৰ বাহনেৰে নিজৰ গন্তব্য স্থানৰ দিশে অগ্ৰসৰ হৈছে। তেওঁলোকৰ ভিতৰত আঢ়ৈ হাজাৰৰো অধিক তীর্থযাত্ৰীয়ে বালটালৰ পথেৰে আৰু ৩,৭০০ৰো অধিক তীর্থযাত্রী নুনৱান-পেহেলগাম পথেৰে পৱিত্ৰ অমৰনাথ গুহাৰ দিশে অগ্ৰসৰ হ'ব। ইয়াকে ধৰি ৩০ জুনৰ পৰা বৰ্তমানলৈকে জম্মুৰ মূল শিবিৰৰ পৰা কাশ্মীৰ উপত্যকালৈ ৰাওনা হোৱা তীর্থযাত্ৰীৰ সংখ্যা ৯৯,২৪২ হৈছে। পহিলা জুলাইৰ পৰা বৰ্তমানলৈকে মুঠ আঢ়ৈ লাখৰো অধিক তীর্থযাত্ৰীয়ে পৱিত্ৰ অমৰনাথ গুহা দর্শন কৰিছে। অমৰনাথ যাত্ৰা সুচাৰুৰূপে চলি আছে আৰু সমগ্ৰ দেশৰ তীর্থযাত্রী এই প্রাকৃতিক শিৱলিংগ দৰ্শনৰ বাবে জম্মু-কাশ্মীৰত উপস্থিত হৈছে। অমৰনাথ যাত্ৰাৰ ৩১ আগষ্টত সামৰণি পৰিব। (AIR NEWS)

69 Days ago