A part of Indiaonline network empowering local businesses
Chaitra Navratri

বৰ্তমান স্থানীয় জিলা চিকিৎসালয়ত আহতসকলৰ চিকিৎসা চলি চলি আছে। আনহাতে, নিহত লোক কেইজনক মৰণোত্তৰ পৰীক্ষ

news

বিহুৰ পিছতে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নিৰ্বাচনী প্ৰচাৰৰ বাবে নলবাৰীলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। মিত্ৰজোটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ চলাব প্ৰচাৰ।

১৭ এপ্ৰিলত নলবাৰীত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভা। ইতিমধ্যে শাসকীয় দল বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত উঠিছে। বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ বাবে নলবাৰীৰ পৰা প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীয়ে।

নলবাৰীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বৰকুৰাৰ বিশাল কৃষিভূমিত অনুষ্ঠিত হ’ব এই নিৰ্বাচনী সভা। সভাৰ বাবে প্ৰস্তুতি চলাইছে শাসকীয় বিজেপিয়ে। মোদীৰ সভাৰ বাবে পথ নিৰ্দেশনাৰ পৰা আৰম্ভ কৰি বিশাল মঞ্চ আদিৰ বাবে বিধে বিধে প্ৰস্তুতি চলাইছে। ইফালে আজি হেলিকপ্টাৰ লৈ উক্ত স্থান পৰিদৰ্শন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। পৰিদৰ্শন কৰি প্ৰতিটো দিশৰ ওপৰত আলোচনা কৰে মন্ত্ৰীগৰাকীয়ে।

তিনিখনকৈ অস্থায়ী হেলিপেড নিৰ্মাণ কৰা হ’ব মোদীৰ সভাৰ বাবে, তাৰ বাবে যাৱতীয় কাম-কাজ আৰম্ভ হ’ব শীঘ্ৰেই। আনহাতে বৰপেটা লোকসভা সমষ্টিৰ ২ লক্ষাধিক লোকৰ উপস্থিতত অনুষ্ঠিত কৰা হ’ব এই সভাখন। আজি এই কথা সদৰী কৰে নলবাৰীৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

11 Days ago