A part of Indiaonline network empowering local businesses

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ আদিত্য এল-১ নামেৰে সূৰ্যলৈ অভিযানৰ প্ৰস্তুতি

news

চন্দ্ৰ অভিযানৰ সফলতাৰ পাছত ভাৰতে শীঘ্ৰে সূৰ্যৰ অধ্যয়নৰ যাত্ৰাত নামিব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ মুৰব্বী এছ সোমনাথে কয় যে, সংস্থাই আদিত্য এল-১ নামেৰে সূৰ্যলৈ অভিযানৰ প্ৰস্তুতি চলাইছে। সূর্যক সুক্ষ্মভাৱে নিৰীক্ষণ কৰা, ইয়াৰ বায়ুমণ্ডল আৰু চুম্বকীয় ক্ষেত্র অধ্যয়ন কৰাৰ উদ্দেশ্যে চলাবলগীয়া এই অভিযান অহা মাহৰ প্ৰথম বা দ্বিতীয় সপ্তাহত মুকলি কৰা হ'ব বুলি মহাকাশ গৱেষণা সংস্থাটোৰ মুৰব্বী গৰাকীয়ে কয়। সমান্তৰালভাৱে ইছৰ’ৱে গগণযানৰ ক্ষেত্ৰতো দ্রুতভাৱে কাম কৰি আছে বুলি তেওঁ কয় যে, কেইবাটাও পৰীক্ষাৰ অন্তত ২০২৫ চনৰ ভিতৰত প্ৰথমটো মানবাহী অভিযান সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ কয়।
চন্দ্ৰযান-৩ চন্দ্ৰৰ দক্ষিণ মেৰুত সফল অৱতৰণৰ পাছত সমগ্ৰ দেশতে ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। চন্দ্ৰৰ এই স্থানত সফলতাৰে মসৃণ অৱতৰণ কৰাৰ ক্ষেত্ৰত বিশ্বৰ প্ৰথমখন ৰাষ্ট্ৰ হিচাপে ইতিহাস ৰচাৰ পাছত বিশ্বৰ বিভিন্ন দেশে ভাৰতক প্ৰশংসা কৰিছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰৰ অভিলাষী অভিযান চন্দ্ৰযান-তৰ সফলতাৰ পাছত মহাকাশ গৱেষণাৰ ক্ষেত্ৰত দেশখনৰ বাবে নতুন দিগন্তৰ সূচনা হৈছে।
এই অভিযানত ইছৰ'ৰ বিজ্ঞানীসকলৰ ভিতৰত অসমৰ কেইবাগৰাকীও বিজ্ঞানী জড়িত আছিল। তেওঁলোকৰ ভিতৰত লখিমপুৰৰ বিজ্ঞানী চয়ন দত্ত উপ সঞ্চালকৰ দায়িত্বত আছিল। ইফালে, ৰাজ্যখনৰ আন এগৰাকী বিজ্ঞানী তিনিচুকীয়াৰ নিধি শৰ্মাও বিজ্ঞানী দলটোৰ সদস্য আছিল। (AIR NEWS)

32 Days ago