ভাৰতৰ প্ৰথম সৌৰ অভিযান আদিত্য এল ৱানৰ কক্ষপথ পৰিৱৰ্তনৰ তৃতীয়টো প্রক্রিয়া আজি পুৱা সফলতাৰে সম্পন্ন কৰা হয়। ভাৰতীয় মহাকাশ গবেষণা সংস্থা ইছৰোই কৈছে যে বাংগালুৰুৰ আই এছ টি আৰ এ চি কেন্দ্ৰৰ পৰা এই প্রক্রিয়া পৰিচালনা কৰা হয়। মৰিচাছ, বাংগালুৰু, এছ ডি এছ চি-এছ এইচ এয়াৰ আৰু পোর্টব্লেয়াৰত থকা ইছৰোৰ কেন্দ্ৰৰ পৰা এই প্ৰক্ৰিয়াৰ তদাৰক কৰা হয়। কক্ষপথ পৰিৱৰ্তনৰ পৰৱৰ্তী প্রক্রিয়া ১৫ ছেপ্তেম্বৰত নিশা প্রায় ২ বজাত সম্পন্ন কৰা হ'ব বুলি ইছৰোই প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে ৫ ছেপ্তেম্বৰত সৌৰ অভিযানৰ কক্ষপথত পৰিবৰ্তনৰ দ্বিতীয় প্রক্রিয়া সম্পন্ন কৰা হৈছিল আৰু আদিত্য এল বানক পৃথিৱীৰ পৰা সৰ্বাধিক ৪০,২২৫ কিলোমিটাৰ আৰু সৰ্বনিম্ন ২৮২ কিলোমিটাৰ দূৰত্বৰ কক্ষপথত স্থাপন কৰা হৈছিল। (AIR NEWS)