A part of Indiaonline network empowering local businesses Chaitra Navratri

ভাৰতৰ বন্দৰ খণ্ডৰ দ্ৰুতভাৱে বিকাশ হৈছেঃ প্ৰধানমন্ত্ৰী মোদী

news

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ভাৰতৰ বন্দৰ খণ্ডৰ দ্ৰুতভাৱে বিকাশ হৈছে আৰু ই অর্থনৈতিক প্ৰগতিত অৰিহণা যোগাইছে। এটা টুইটবার্তাত প্রধানমন্ত্রীয়ে টিউটিকৰীণ ভি.অ' চিদাম্বৰণৰ বন্দৰ কৰ্তৃপক্ষক বছৰি ১১.৩-৫ শতাংশ বৃদ্ধিৰ সাফল্যৰ বাবে প্ৰশংসা কৰে। উল্লেখযোগ্য যে এই বন্দৰটোৱে চলিত বৰ্ষৰ ১৪ মাৰ্চলৈকে ৩ কোটি ৬০ লাখ টনতকৈও অধিক কার্গো পৰিচালনা কৰিছে। এই সংখ্যাই পৰিবহন আৰু জলপথ মন্ত্ৰালয়ে চলিত বিত্তীয় বৰ্ষৰ ১৭ দিন পূৰ্বে নিৰ্ধাৰণ কৰি দিয়া ৩ কোটি ৬০ লাখ টনৰ লক্ষ্য চেৰ পেলাইছে। (AIR NEWS)

10 Days ago