A part of Indiaonline network empowering local businesses

ভাৰতৰ সতীশধাৱান মহাকাশ কেন্দ্ৰ পৰা পি এছ এল ভি চি-৫১ ৰ সফল উৎক্ষেপণ

News

ভাৰতে আজি সতীশধাৱান মহাকাশ কেন্দ্ৰ পৰা পি এছ এল ভি চি-৫১ ৰ সফল উৎক্ষেপণ সম্পন্ন কৰে। যানখনে পুৱা ঠিক ১০.২৮ মিনিটত ব্ৰাজিল, আমেৰিকা আৰু ভাৰতৰ ১৯টা কৃত্ৰিম উপগ্ৰহসহ মহাকাশলৈ উৰা মাৰে। পৃথককৰণৰ ৪টা পৰ্যায়ৰ পাছত মহাকাশ যানখনে ব্ৰাজিলৰ এমেজ’নিয়া-১ নামৰ ৬৩৭ কিলোগ্ৰাম ওজনৰ মূল উপগ্ৰহটোক নিৰ্ধাৰিত কক্ষপথত সফলতাৰে স্থাপন কৰে। ইয়াৰ ১ ঘণ্টাতকৈও অধিক সময়ৰ পাছত বাকী ১৮ টা কৃত্ৰিম উপগ্ৰহক নিজ নিজ কক্ষপথত স্থাপন কৰা হয়। এয়া আছিল ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ বাণিজ্যিক শাখা নিউ স্পেছ ইণ্ডিয়া লিমিটেডৰ প্ৰথমটো বাণিজ্যিক অভিযান। (AIR)

1148 Days ago