ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল কাইলৈ ৰাঁচীৰ জে এছ চি এ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম কমপ্লেক্সত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া ৭বজাত আৰম্ভ হ'ব। ভাৰতে নিউজিলেণ্ডক এদিনীয়া আন্তঃৰাষ্ট্ৰীয় শৃংখলাত ৩-০ ফলাফলত পৰাস্ত কৰি আই চি চিৰ পুৰুষৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয়ৰ তালিকাত শীর্ষস্থান দখল কৰিবলৈ সক্ষম হয়। আয়োজক ৰাষ্ট্ৰখনে ইণ্ডৰৰ হ’লকাৰ ষ্টেডিয়ামত অনুষ্ঠিত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় তৃতীয় আৰু শেষৰখন খেলত ৯০ ৰানত, ৰায়পুৰত অনুষ্ঠিত দ্বিতীয়খন খেলত ৮ উইকেটত আৰু হায়দৰাবাদত অনুষ্ঠিত প্ৰথমখন এদিনীয়াত ১২ ৰানত জয়লাভ কৰিছিল। (AIR NEWS)