A part of Indiaonline network empowering local businesses

ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ মুক্ত বাণিজ্য চুক্তি সন্দৰ্ভত আলোচনা

news

ভাৰতত থকা ব্ৰিটেইনৰ কাৰ্যবাহী উচ্চায়ুক্ত খ্ৰীষ্টিনা স্কটে কালি কয় যে, ভাৰত আৰু ব্ৰিটেইনৰ মাজত চলি থকা মুক্ত বাণিজ্য চুক্তিৰ দশমলানি আলোচনাৰ মাজত উভয় দেশে ২০৩০ চনৰ ভিতৰত বাণিজ্যৰ পৰিমাণ দুগুণ কৰিবলৈ প্ৰতিশ্রুতিবদ্ধতা প্রকাশ কৰিছে। ভাৰত আৰু ব্ৰিটেইনে বিগত বৰ্ষৰ জানুৱাৰীৰ পৰা মুক্ত বাণিজ্য চুক্তি সন্দৰ্ভত আলোচনা কৰি আছে। এইবেলি এই চুক্তিৰ দশমলানি আলোচনা নতুন দিল্লীত অনুষ্ঠিত হৈছে। ইয়াৰ আগেয়ে ২৪ৰ পৰা ২৮ এপ্ৰিললৈ এই চুক্তিৰ নৱমলানি আলোচনা অনুষ্ঠিত হৈছিল। নৱমলানি আলোচনাৰ বাবে ভাৰতৰ পৰা একাংশ বিষয়া লণ্ডনলৈ গৈছিল আৰু আন কিছুসংখ্যক বিষয়াই ভার্চুরেল পদ্ধতিৰে আলোচনাত অংশগ্ৰহণ কৰিছিল। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ হিৰোছিমা ভ্ৰমণৰ সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ সৈতে উভয় দেশৰ মুক্ত বাণিজ্য চুক্তি সন্দৰ্ভত বিশদ আলোচনাত মিলিত হৈছিল। (AIR NEWS)

267 Days ago