आपकी जीत में ही हमारी जीत है
Promote your Business

ভৱেশ বৰুৱা আৰু ঐশ্বর্য কাকতিলৈ ২০২০ বর্ষৰ নটসূর্য ফণী শর্মা সোঁৱৰণী বঁটা

news

তেজপুৰ: অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্রশাসনৰ সহযোগত কালি বিয়লি ৰাজ্যৰ দুগৰাকী বিশিষ্ট নাট্যশিল্পী ক্রমে ভৱেশ বৰুৱা আৰু ঐশ্বর্য কাকতিক আনুষ্ঠানিকভাৱে ২০২০ বর্ষৰ নটসূর্য ফণী শর্মা সোঁৱৰণী বঁটা প্রদান কৰা হয়। এই বঁটাত আছে এখন প্রশস্তি পত্ৰ, গামোচা, অংগবস্ত্র, শৰাই আৰু দুই লাখ টকাৰ চে’ক। এই গাম্ভীর্যপূর্ণ অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা বিভাগৰ সঞ্চালক বিষ্ণু কমল বৰা, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, তেজপুৰৰ বিধায়ক বৃন্দাৱন গোস্বামী আৰু আন ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে।   

তেজপুৰ অসমৰ সমাজ জীৱনৰ অত্যন্ত গুৰুত্বপূর্ণ চহৰ। এই তেজপুৰে বহু মহান ব্যক্তিৰ জন্ম দিছে। সেয়েহে অসমীয়া শিল্প-কলা ক্ষেত্রখনলৈ তেজপুৰৰ অৱদান অতুলনীয়। তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত অনুস্থিত অনুষ্ঠানত এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে। 

অতীতক বাদ দি ভৱিষ্যতৰ সপোন কোনেও দেখিব নোৱাৰে। অসমৰ প্রতিগৰাকী ব্যক্তিৰ হূদয়ৰ আর্তনাদ শুনিবলৈ আমি চেষ্টা কৰিব লাগিব। আনহাতে তেজপুৰৰ বাণ থিয়েটাৰত সমন্বয়ৰ প্রতীক বুলি মন্তব্য কৰি এই মঞ্চৰ পৰা যিসকলে নিজৰ শিল্প সাধনা অব্যাহত ৰাখিছে সেইসকল শিল্পী ঈশ্বৰৰ দূত হৈ সমন্বয়-সম্প্রীতিৰ বার্তা বিলাই আহিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ভাষণৰ মাজতে মুখ্যমন্ত্রী সোণোৱালে তেজপুৰবাসীৰ দীর্ঘদিনীয়া এক দাবীৰ প্রতি সঁহাৰি জনাই নটসূর্য ফণী শর্মাৰ সমাধি ক্ষেত্রত আকর্ষণীয়কৈ নির্মাণৰ বাবে ইতিমধ্যে ডেৰ কোটি টকা মুকলি কৰি দিয়া বুলি কয়। লগতে তেজপুৰত ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা, কলাগুৰু বিষ্ণু প্রসাদ ৰাভা, নটসূর্য ফণী শর্মা আৰু বিশ্বৰত্ন ড০ ভূপেন হাজৰিকাৰ সোঁৱৰণত অচিৰেই সাংস্কৃতিক সংগ্রহালয় নির্মাণ কৰা হ’ব বুলি ঘোষণা কৰে।

নটসূর্য বঁটা লাভ কৰি ভাষণত ঐশ্বর্য কাকতিয়ে এই বঁটা তেওঁৰ অভিনয় জীৱনৰ পাতনি মেলা ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ নামত উচর্গা কৰে। মঞ্চ, চলচিত্র আৰু ভ্রাম্যমাণ নাট্য জগতৰ বলিষ্ঠ অভিনেতা ভৱেশ বৰুৱাইও এই বঁটা ভ্রাম্যমাণ নাট্যজগতৰ শিল্পী-পৰিচালক, প্রযোজক, নাট্যকাৰসকলৰ নামত উচর্গা কৰে। (INDIAONLINE)

59 Days ago

Download Our Free App

Advertise Here