মঙলদৈত ১২খন চিকিৎসালয়লৈ কায়াকল্প বঁটা প্রদান

news

মঙলদৈঃ জিলা স্বাস্থ্য সমিতি আৰু ৰাষ্ট্রীয় স্বাস্থ্য অভিযান দৰঙৰ উদ্যোগত মঙলবাৰে মঙলদৈ ইয়ুথ ক্লাৱত অনুষ্ঠিত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত চাফ চিকুনতা আৰু সংক্ৰমণ বিৰোধী কাৰ্যত নিপূণতা প্রদৰ্শন কৰা দৰঙৰ ১২ খন চিকিৎসালয়ক কায়াকল্প বঁটা প্ৰদান কৰা হয়।   এই বটা প্রদান কৰে জিলা উপায়ুক্ত ঘনশ্যাম দাস আৰু স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজাই। উল্লেখযোগ্য যে মূলতঃ চাফ চিকুনতা, সংক্ৰমণ বিৰোধী পদক্ষেপ আৰু ৰোগীক চিকিৎসাৰ প্রকৃত সন্তুষ্টি দিবলৈ সক্ষম হোৱাৰ বাবেই এই বঁটা প্রদান কৰি আহিছে স্বাস্থ্য বিভাগে।   এই প্রতিযোগিতাত মঙলদৈ অসামৰিক চিকিৎসালয়ে ৰাজ্যৰ ভিতৰত তৃতীয় স্থান লাভ কৰাৰ বিপৰীতে দেওমৰনৈ সামূহিক স্বাস্থ্য কেন্দ্রই দৰং জিলা সামূহিক স্বাস্থ্য কেন্দ্র সমূহৰ ভিতৰত প্রথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। (INDIA ONLINE)

93 Days ago