A part of Indiaonline network empowering local businesses
Chaitra Navratri

মধ্যপ্ৰদেশৰ চিত্ৰকূটত ভয়ংকৰ পথ দুৰ্ঘটনা, তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিলে এখন অটোৰিক্সা, ৫ জন নিহত

news

মধ্য প্ৰদেশৰ চিত্ৰকূটত এখন তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিলে এখন অটোৰিক্সা। ভয়ংকৰ দুৰ্ঘটনাটোত মৃত্যু হয় ৫ জন লোকৰ। দুৰ্ঘটনাত তিনিজন লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনা অনুসৰি, ৰাষ্ট্ৰীয় ঘাইপথটোত তীব্ৰবেগত আহি থকা ডাম্পাৰখনে সন্মুখৰ পৰা এখন অটোৰিক্সাক খুন্দা মাৰে। দুৰ্ঘটনাটোত অটোৰিক্সাখনৰ সন্মুখৰ অংশ বেয়াকৈ ক্ষতিগ্ৰস্ত হয়।
দুৰ্ঘটনাটোত ডাম্পাৰখনে খুন্দা মৰাৰ ফলত অটোখনত বহি থকা যাত্ৰীসকল ছিটিকি পৰে। দুৰ্ঘটনাটোৰ পিছতে স্থানীয় লোকসকলে উদ্ধাৰ আৰম্ভ কৰে। স্থানীয় লোকসকলেই এম্বুলেন্স আনি আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। পৰৱৰ্তী সময়ত আৰক্ষীৰ লোক দুৰ্ঘটনাস্থলীত উপস্থিত হৈ আহতসকলৰ চিকিৎসালয়লৈ লৈ যোৱাত সহায় কৰে।
বৰ্তমান স্থানীয় জিলা চিকিৎসালয়ত আহতসকলৰ চিকিৎসা চলি চলি আছে। আনহাতে, নিহত লোক কেইজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। জানিব পৰা মতে, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতেই ডাম্পাৰখনৰ চালকজন পলায়ন কৰে। অটোৰিক্সাখনে অভাৰটেক কৰিবলৈ যোৱাৰ ফলতহে দুৰ্ঘটনা সংঘটিত হোৱা বুলি প্ৰকাশ কৰিছে একাংশই।

11 Days ago