A part of Indiaonline network empowering local businesses

মধ্য প্ৰদেশত জি-২০ সাংস্কৃতিক কাৰ্যগোটৰ প্ৰথমখন বৈঠক আৰম্ভ

News

মধ্য প্ৰদেশৰ খাজুৰাহোৰ মহাৰাজা ছত্রশাল অভিৱৰ্তন কেন্দ্ৰত আজি জি-২০ সাংস্কৃতিক কাৰ্যগোটৰ প্ৰথমখন বৈঠক আৰম্ভ হ'ব। কেন্দ্ৰীয় সাংস্কৃতিক, পর্যটন আৰু ডোনাৰ মন্ত্ৰী জি কে ৰেড্ডি, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্রীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ড° বীৰেন্দ্ৰ কুমাৰ আৰু সাংস্কৃতিক ৰাজ্যমন্ত্ৰী শ্ৰীমতী মিনাক্ষী লেখীয়ে বৈঠকৰ সৈতে সংগতি ৰাখি সাজু কৰি তোলা এখনি প্ৰদৰ্শনী উন্মোচন কৰিব। খাজুৰাহোত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত সাংস্কৃতিক মন্ত্ৰালয়ৰ যুটীয়া সচিব লিলি পাণ্ডেয়ে জনোৱা অনুসৰি ২৫ ফেব্ৰুৱাৰীত এই চাৰিদিনীয়া বৈঠকখনৰ অন্ত পৰিব৷ বৈঠকত অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিনিধিসকলে খাজুৰাহো বিমান বন্দৰত উপস্থিত হোৱাৰ পাছত তেওঁলোকক বধাই আৰু ৰায় লোক নৃত্য প্ৰদৰ্শনেৰে আদৰণি জনোৱা হ'ব। বৈঠকৰ সময়ছোৱাত প্ৰতিনিধিসকলক ব্লক প্ৰিণ্টিঙকে ধৰি হেনা, মাচ্ছ আদি পৰম্পৰাগত চিত্ৰ শিল্পৰ সৈতে পৰিচয় কৰোৱা হ'ব। বৈঠকত ভাগ ল'বলগীয়া ১২৫ গৰাকী প্ৰতিনিধিক উদ্দেশ্যে কৰি খাজুৰাহো নৃত্য মহোৎসৱৰো আয়োজন কৰা হৈছে। বৈঠকত জি-২০ সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধি বৰ্গৰ উপৰি আন্তঃৰাষ্ট্ৰীয় সংস্থা তথা সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ বিষয়াবৰ্গয়ো অংশ ল'ব। (AIR NEWS)

38 Days ago