A part of Indiaonline network empowering local businesses

মেঘালয়ৰ উইলিয়াম নগৰৰ জিলা পৰিবহণ বিষয়াক গোৱালপাৰা আৰক্ষীৰ গ্ৰেপ্তাৰ

news

গোৱালপাৰা আৰক্ষীয়ে মেঘালয়ৰ উইলিয়াম নগৰৰ জিলা পৰিবহণ বিষয়া জেনী কেলি মমিনক যান- বাহনৰ ভুৱা নথি-পত্ৰ প্ৰস্তুত কৰাৰ অভিযোগত আজি গ্ৰেপ্তাৰ কৰে। কিছুদিন পূর্বে গোৱালপাৰাৰ গোলাম আলী নামৰ এজন লোকক এনেদৰে উইলিয়াম নগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত পঞ্জীয়নভুক্ত যান-বাহনৰ ভুৱা নথি-পত্রসহ আগিয়া থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰা লোকজনক এই সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে। (AIR NEWS)

13 Days ago