Promote your Business

যোৰহাটত স্থাপন হ’ল মনিৰাম দেৱানৰ বিশাল প্ৰতিমূৰ্তি

news

গুৱাহাটী: যোৰহাটৰ চিনামৰা চাহ বাগিছাত মনিৰাম দেৱানৰ বিশাল প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব। ৯ ফেব্ৰুৱাৰীত অসম বিধান সভাৰ অধ্যক্ষ তথা যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে প্ৰতিমূৰ্তিটোৰ আধাৰশিলা স্থাপন কৰাৰ লগতে উদ্যানখনৰ আধাৰশিলাও স্থাপন কৰে। 

আধাৰশিলা স্থাপন কৰি অনুষ্ঠানত গোস্বামীয়ে কয় যে ৰাজপথৰ পৰা দেখাকৈ আধাৰশিলাটো বৃহৎ আকাৰত  প্ৰতিমূৰ্তিটো স্থাপন কৰা হৈছে।

উল্লেখ্য যে স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা প্ৰথমগৰাকী স্বহীদ তথা চাহ ৰোপন কৰা প্ৰথমগৰাকী ব্যক্তি হৈছে মনিৰাম দেৱান। আনহাতে ইয়াৰ বাহিৰে নৱনিৰ্মিত উদ্যানখনত পৰ্যটনস্থলীৰ উন্নয়নৰ কাৰণে এখন ফুড প্লাজাও নিৰ্মাণ কৰাৰ কথাও ঘোষণা কৰে বিধায়ক গৰাকীয়ে। (INDIA ONLINE)

50 Days ago

Download Our Free App