A part of Indiaonline network empowering local businesses

শক্তিপীঠ কামাখ্যা দেৱালয়ৰ মূল প্রবেশদ্বাৰ ভক্তৰ বাবে মুকলি

News

শক্তিপীঠ কামাখ্যা দেৱালয়ৰ মূল প্রবেশদ্বাৰ চাৰিদিন ধৰি বন্ধ হৈ থকাৰ পিছত আজি পুৱা ভক্তৰ বাবে মুকলি কৰি দিয়া হয়। অম্বুবাচীৰ নিবৃত্তিৰ পাছত দেৱীৰ স্নান আৰু পূজাৰ অন্তত পুৱা ৫ বাজি ৫ মিনিটত ভক্তৰ বাবে দুৱাৰ মুকলি কৰা হয়। ইয়াৰ পিছতে ভক্তিপ্ৰাণ ৰাইজে দেৱীৰ আশীষ বিচাৰি মন্দিৰত প্ৰৱেশ কৰে। উল্লেখ্যযোগ্য এইবাৰ অভিলেখ সংখ্যক ভক্ত নীলাচল পাহাৰত সমবেত হৈছিল। কালি অম্বুবাচী মেলাৰ অন্তিম দিনাও দেৱালয়ৰ চৌহদত অগণন ভক্তৰ সমাগম পৰিলক্ষিত হয়। (AIR NEWS)

90 Days ago