A part of Indiaonline network empowering local businesses

শিশু যৌন নিৰ্যাতনৰ গোচৰত নিলু দাসক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড

news

কামৰূপ জিলাৰ POCSO আদালতে শিশু যৌন নিৰ্যাতনৰ গোচৰত আজি বৰপেটাৰ নিলু দাস নামৰ এজন লোকক ২০ বছৰ সশ্ৰম কাৰাদণ্ড আৰু ১০ হাজাৰ টকাৰ জৰিমনা বিহে। উল্লেখযোগ্য যে ঘটনা সন্দৰ্ভত ফটাশিল আমবাৰী থানাত এটা গোচৰ ৰুজু হৈছিল। এই গোচৰৰ ভিত্তিত দীৰ্ঘদিন ধৰি শুনানি গ্রহণ কৰি আদালতে দাসক দোষী সাব্যস্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে। ইপিনে ভুক্তভোগী শিশুটিক আদালতে ২ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ কামৰূপ মহানগৰ জিলাৰ জিলা আইন সেৱা প্ৰাধিকাৰীক নিৰ্দেশ দিছে। (AIR NEWS)

11 Days ago