आपकी जीत में ही हमारी जीत है
Promote your Business

শ্বহীদ জোৱানক শ্ৰদ্ধাঞ্জলি আঙুৰলতা ডেকাৰ

news

গুৱাহাটী: চীন সীমান্তত শ্বহীদ হোৱা বীৰ জোৱানক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশু আৰোগ্য কামনাৰে বটদ্ৰৱাৰ নামঘৰত পাঁচশ এগছি বন্তি প্ৰজ্বলন কৰিলে বিধায়িকা আঙুৰলতা ডেকাই। বিধায়িকাগৰাকীক এই কাৰ্য্যত সহায় কৰে স্থানীয় মহিলাসকলে। 

সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা ক'ৰণা ভাইৰাছৰ পৰা বিশ্ববাসীয়ে পৰিত্ৰাণ পাবলৈও  ভগৱানৰ ওচৰত মূৰ-দোৱাই আঙুৰলতা ডেকাই। বিধায়িকাগৰাকীয়ে ৰাভা দিৱসৰ দিনা ৰাভা দেৱৰ গীতেৰে বিষ্ণু প্ৰসাদ ৰাভাকো সশ্ৰদ্ধ সোঁৱৰণ কৰে।

উল্লেখযোগ্য যে শণিবাৰে বিধায়িকাগৰাকীয়ে বটদ্ৰৱা সমষ্টিত ভালুকমাৰীৰ পৰা হেকুদাংবড়ি লৈ ১০ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এটা পথৰো আধাৰশিলা স্থাপন কৰে। (INDIAONLINE)

44 Days ago
Advertise Here