A part of Indiaonline network empowering local businesses Chaitra Navratri

সংসদত হুলস্থূলীয়া পৰিস্থিতিৰ বাবে উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত

News

ৰাহুল গান্ধীৰ গণতন্ত্ৰ সম্পৰ্কীয় মন্তব্য, আদানী গোট আৰু অন্যান্য বিষয় লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা আজি দিনৰ ২ বজালৈ সদন স্থগিত ৰখা হয়৷ লোকসভাৰ কাম-কাজ আৰম্ভ হোৱাৰ সময়ত টি এম চিৰ সাংসদসকলে স্কার্ফৰে মুখ ঢাকি সদনৰ মজিয়ালৈ উঠি যায়। কংগ্ৰেছ, ডি এম কে আৰু বিৰোধী পক্ষৰ অন্য দলৰ সদস্যসকলেও আদানীৰ বিষয় লৈ সদনৰ মজিয়ালৈ উঠি যায়। ইয়াৰ মাজতে শাসকীয় পক্ষৰ সদস্যসকলে ৰাহুল গান্ধীক ক্ষমা প্ৰাৰ্থনাৰ দাবী জনাই শ্লোগান দিবলৈ ধৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বাৰে বাৰে নিয়ম শৃংখলা বৰ্তাই ৰাখিবলৈ অনুৰোধ জনাই যদিও পৰিস্থিতি অকনো উন্নত নহয়। ফলত অধ্যক্ষই সদনৰ কাম-কাজ দিনৰ ২ বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ৰাজ্যসভাতো একে ধৰণৰ পৰিস্থিতি পৰিলক্ষিত হয়।
পুৱাৰ ভাগত সদন মিলিত হোৱাৰ সময়ত টি এম চিৰ সাংসদসকলে বিৰোধী পক্ষক মন্তব্য ৰখাৰ অনুমতি নিদিয়াৰ অভিযোগ তুলি কলা স্কার্ফেৰে মুখ ঢাকি সদনৰ মজিয়ালৈ উঠি যায়। একেদৰে কংগ্ৰেছ, আম আদমী পাৰ্টী আৰু বিৰোধী পক্ষৰ একাংশ দলৰ সাংসদসকলেও আদানী গোটৰ বিষয় উত্থাপন কৰি সদনৰ মজিয়ালৈ উঠি যায়। ৰাহুল গান্ধীৰ ক্ষমা প্ৰাৰ্থনাৰ বিষয় লৈ শাসকীয় পক্ষৰ সদস্যসকলে বিৰোধী পক্ষৰ সাংসদসকলক বাধা প্ৰদান কৰে। ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে সদস্যসকলক নিয়ম শৃংখলা বৰ্তাই ৰাখিবলৈ অনুৰোধ জনাই যদিও হুলস্থূলীয়া পৰিস্থিতি অব্যাহত থাকে। ফলত সদনৰ কাম-কাজ দিনৰ ২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়। (AIR NEWS)

7 Days ago