आपकी जीत में ही हमारी जीत है
Promote your Business

সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন মুখ্য উপদেষ্টা অশ্বিনী চেতিয়াৰ দেহাৱসান

news

গুৱাহাটী: সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন মুখ্য উপদেষ্টা অশ্বিনী চেতিয়াৰ দেহাৱসান। বৃহস্পতিবাৰে নিশা ১২.১৫ মিনিটত গুৱাহাটীৰ হেলথ চিটি চিকিৎসালয়ত মৃত্যুক আকোঁৱালি লয় নেতা গৰাকীয়ে।

বহু বছৰ টাই আহোম ছাত্ৰ সন্থাৰ সৈতে জড়িত হৈ থকা অশ্বিনী চেতিয়া আহোম জনগোষ্ঠীৰ এগৰাকী শক্তিশালী নেতা আছিল। তেওঁ শেহতীয়াকৈ বিজেপি দলত যোগদান কৰিছিল। বিজেপিৰ ৰাজ্যিক কাৰ্য্য নিৰ্বাহক সদস্য আছিল নেতা গৰাকী। যোৱা বিধান সভা নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ পৰা নিৰ্দলীয় ভাৱে প্ৰতিদ্বন্দিতা কৰি পৰাজিত হৈছিল অশ্বিনী চেতিয়া।

বহু দিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল নেতা গৰাকী। চেতিয়াৰ অকাল মৃত্যুত জন্মস্থান শিৱসাগৰ জিলাৰ হাঁহচৰা নপাম চেতিয়া গাঁৱৰ লগতে সমগ্ৰ শিৱসাগৰতে শোকৰ ছাঁ পৰিছে। (INDIAONLINE)

72 Days ago

Download Our Free App

Advertise Here