অসম আৰক্ষীয়ে সন্ত্ৰাসবাদৰ সৈতে জড়িত থকাৰ অভিযোগত বৰপেটা জিলাৰ পৰা পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে বাংলাদেশৰ এটা সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত থকাৰ অভিযোগত যোৱা নিশা হাউলী, বৰপেটা আৰু কলগাছিয়া আৰক্ষী থানা এলেকাৰ পৰা এই লোককেইজনক গ্ৰেপ্তাৰ কৰা হয়। ধৃত লোককেইজনৰ ভিতৰত এজন বাংলাদেশৰ। এই লোকজনে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি এটা মছজিদত শিক্ষক হিচাপে কৰ্মৰত আছিল। এই লোকজনে বৰপেটা জিলাৰ যুৱক-যুৱতীসকলক সন্ত্ৰাসবাদী সংগঠনত যোগ দিৱলৈ আৰু সমাজ বিৰোধী কাৰ্যকলাপত লিপ্ত হ’বলৈ উচতনি দিছিল। আৰক্ষীয়ে ধৃত লোককেইজনৰ পৰা কেতবোৰ আপত্তিজনক নথিপত্ৰ আৰু বৈদ্যুতিন সঁজুলি জব্দ কৰিছে। (AIRNEWS)