A part of Indiaonline network empowering local businesses

সমগ্র দেশতে ধর্মীয় ৰীতি-নীতি আৰু উলহ-মালহেৰে গণেশ চতুর্থী পালন

news

সমগ্র দেশতে আজি ধর্মীয় ৰীতি-নীতি আৰু উলহ-মালহেৰে গণেশ চতুর্থী পালন কৰা হৈছে। জ্ঞান- সমৃদ্ধি আৰু সৌভাগ্যৰ প্ৰতীকস্বৰূপ ভগৱান গণেশৰ জয়ন্তী হিচাপে এই উৎসৱ পালন কৰা হয়। জনসাধাৰণে গণেশ চতুর্থী উপলক্ষে ভগৱান গণেশৰ মৃণ্ময় মূর্তি স্থাপন কৰে আৰু পূজা-অৰ্চনা কৰে। গণেশ চতুর্থী মহাৰাষ্ট্ৰৰ মূল উৎসৱসমূহৰ অন্যতম। ৰাজ্যখনৰ জনসাধাৰণে উলহ-মালহেৰে এই উৎসৱ পালন কৰে।

গণেশ চতুর্থী উপলক্ষে ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মু আৰু প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ বাৰ্তাত কয় যে, জ্ঞান-প্ৰজ্ঞা আৰু সমৃদ্ধিৰ বাহক ভগবান শ্রীগণেশৰ জয়ন্তী হিচাপে উদযাপন কৰা হয়। তেওঁ কয় যে, গণেশ চতুর্থী উৎসাহ-আনন্দৰ উৎসৱ। এই উৎসবে একেলগে কাম কৰাৰ বাৰ্তা দিয়ে আৰু জীৱনত নম্র হৈ থাকিবলৈ তথা সমাজত সম্প্রীতি আৰু ভাতৃত্ববোধৰ প্ৰসাৰৰ হকে কাম কৰিবলৈ কৰিবলৈ প্ৰেৰণা যোগায়। তেওঁ লগতে এইবুলি কামনা কৰে যে, ভগবান গণেশে যেন জনসাধাৰণক সকলো ধৰণৰ বাধা-বিঘিনি অতিক্রম কৰাত সহায় কৰে যাতে সকলোৱে এখন উন্নত ৰাষ্ট্র গঢ়াত হাত উজান দিব পাৰে। আনহাতে প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমৰ এটা প'ষ্টৰ জৰিয়তে এই উৎসৱে সকলোৰে জীৱনৰ সৌভাগ্য-সাফল্য আৰু সমৃদ্ধি কঢ়িয়াই আনিব বুলি আশা প্রকাশ কৰিছে। (AIR NEWS)

162 Days ago