A part of Indiaonline network empowering local businesses

সমগ্ৰ দেশৰ লগতে অসমতো পোহৰৰ উৎসৱ দীপাৱলী পালন

news

আজি পোহৰৰ উৎসৱ দীপাৱলী। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি পৰম্পৰাগত উৎসাহ- উদ্দীপনা আৰু ৰীতি-নীতিৰে দীপাৱলী পালন কৰা হৈছে। পোহৰৰ উৎসৱৰ সমান্তৰালকৈ আজি কালী পূজাও অনুষ্ঠিত হৈছে। কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে ৰাজ্যজুৰি উলহ-মালহৰ পৰিবেশে বিৰাজ কৰিছে। বজাৰসমূহ দীপাৱলীৰ বিভিন্ন সামগ্ৰীৰে ভৰি পৰা পৰিলক্ষিত হৈছে। চৰকাৰী নিৰ্দেশনা অনুসৰি এইবাৰ বজাৰসমূহত দেশত উৎপাদিত আৰু পৰিবেশ অনুকুল সামগ্ৰীৰ বিক্ৰী অধিক হোৱা দেখা গৈছে। ইপিনে, পোহৰৰ উৎসৱ উপলক্ষে বাসগৃহ আৰু পথসমূহ আটকধুনীয়া আলোকসজ্জাৰে সজাই তোলা হৈছে। উল্লেখযোগ্য যে, এইবাৰ দীপাৱলীত বায়ু তথা শব্দ প্ৰদূষণ ৰোধ কৰাৰ উদ্দেশ্যে উচ্চতম ন্যায়ালয়ে সকলো ৰাজ্যকে প্ৰদূষণ নিয়ন্ত্ৰণ ব্যৱস্থা কঠোৰভাৱে পালন কৰাৰ নিৰ্দেশ জাৰি কৰি ফটকা ফুটুৱা নিষিদ্ধ কৰিছে। সেই অনুসৰি কামৰূপ মহানগৰ জিলা প্ৰশাসনেও গুৱাহাটী মহানগৰীত দীপাৱলীৰ নিশা মাত্ৰ দুঘণ্টাৰ বাবে সেউজ বা পৰিবেশ অনুকুল আতচবাজী ব্যৱহাৰ কৰাৰ অনুমতি দিছে। এই নিৰ্দেশ অনুযায়ী দীপাৱলীৰ সময়ত নিশা ৮ বজাৰ পৰা ১০ বজালৈ কেৱল পৰিৱেশ অনুকূল ফটকা বা আতচবাজীহে জ্বলাব পাৰিব। ইফালে কামৰূপ জিলা দণ্ডাধীশে ভাৰতীয় দণ্ডবিধিৰ অধীনত চিকিৎসালয়, নাৰ্ছিংহোম তথা চিকিৎসা কেন্দ্ৰ আদিৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ফটকা ফুটোৱাত বাধা আৰোপ কৰিছে। একেদৰে গুৱাহাটী পৌৰ নিগমে এইবাৰ সকলোকে স্বচ্ছ আৰু সেউজ দীপাৱলী পালন কৰিবলৈ আহ্বান জনাইছে। শিৱসাগৰত শনিবাৰে জিলা আয়ুক্তৰ সভাকক্ষত কালী পূজা উদযাপন সমিতিৰ বিষয়ববীয়াৰে সৈতে হোৱা সভাত এই উৎসৱৰ সময়ত প্রশাসনে নিৰ্ধাৰণ কৰা নীতি-নিয়মসমূহ পালন কৰিবলৈ সকলোকে আহ্বান জনাইছে। গোৱালপাৰাৰ শলমাৰী ঐতিহাসিক শ্ৰীশ্ৰীমা শ্যামা কালী মন্দিৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কালীপূজাৰ আয়োজন কৰা হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। কামৰূপ জিলাতো দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা দীপাৱলী আৰু কালী পূজা আয়োজন কৰা হৈছে। জিলাখনত প্ৰায় ৫ শতাধিক মণ্ডপত কালী পূজাৰ আয়োজন কৰা হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ধুবুৰীতো ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীকালী মন্দিৰ, বহলপুৰ ততপাৰা কালী মন্দিৰ, দক্ষিণেশ্বৰী কালী মন্দিৰ আদিত কালী পূজাৰ আয়োজন কৰা হৈছে। (AIR NEWS)

108 Days ago