A part of Indiaonline network empowering local businesses

সমগ্ৰ বিশ্বত কাইলৈ নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

news

সমগ্ৰ বিশ্বতে কাইলৈ নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হ'ব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিউয়র্কত থকা ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্য্যালয়ত যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই বছৰৰ যোগ দিৱসৰ মূল বানী হৈছে- বসুধৈৱ কুটুম্বকমৰ বাবে যোগ। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীযোগে প্ৰচাৰিত তেওঁত মন কী বাত অনুষ্ঠানৰ জৰিয়তে বিগত বছৰসমূহত কেবাবাৰো শ্ৰোতাসকলক শাৰীৰিক আৰু মানসিক সু-স্বাস্থ্যৰ হকে যোগক আঁকোৱালি ল'বলৈ আহ্বান জনাই আহিছে। মন কী বাত অনুষ্ঠানত দিয়া শেহতীয়া ভাষণত শ্রীমোদীয়ে যোগৰ সৈতে জড়িত নথকা লোকসকলকলৰ বাবে ইয়াৰ সৈতে জড়িত হ'বলৈ ২১ জুন এটা বিশেষ সুযোগ বুলি প্ৰকাশ কৰিছে ।

২০১৪ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত দিয়া ভাষণত শ্রীমোদীয়ে ২১ জুনৰ দিনটোক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰিবলৈ আহ্বান জনাইছিল। তেওঁৰ এই প্ৰস্তাৱত ১৭৭খন দেশে সমর্থন আগবঢ়াইছিল আৰু তেতিয়াৰে পৰা এই দিনটো বিশ্বৰ প্ৰতিখন দেশতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভায়ো এই প্ৰস্তাৱত সমৰ্থন জনাই ২১ জুনৰ দিনটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰে। ২০১৫ চনৰ পৰা সু-স্বাস্থ্যৰ বাবে এই দিৱস বিশ্বজুৰি গণ আন্দোলনৰূপে প্ৰাণ পাই উঠিছে।

যোগ ভাৰতীয় সংস্কৃতি আৰু আধ্যাত্মিক বিশ্বাসৰ অবিচ্ছেদ্য অংগ আৰু সমগ্ৰ দেশৰ বাবেই ই গৌৰৱৰ বিষয়। এটা স্বাস্থ্যকৰ জীৱন যাপনৰ বাবে যোগ হ'ল জ্ঞানৰ প্ৰাচীন বিজ্ঞান আৰু দৈনন্দিন জীৱন ইয়াৰ অন্তৰ্ভুক্তিৰ জৰিয়তে জনসাধাৰণে জীৱন সহজসাধ্য কৰি তুলিব পাৰে। যোগে দেহত ৰক্ত সঞ্চালন স্বাভাৱিক কৰি তোলে আৰু শ্বাস-প্রশ্বাসজনিত ৰোগ, হৃদৰোগ তথা মধুমেহকে ধৰি ভালেমান ৰোগত আক্ৰান্ত হোৱাৰ আশংকা হ্ৰাস কৰে। (AIR NEWS)

97 Days ago