ৰাজ্যৰ সকলো ৰাজ্যিক বিশ্ববিদ্যালয় আৰু চৰকাৰী সাহায্যপ্রাপ্ত মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি সমগ্ৰ শিক্ষা অভিযানৰ মুখ্য কাৰ্য্যালয়ত সমর্থ শীর্ষক এটা উচ্চ শিক্ষা নামভর্তি প'র্টেল মুকলি কৰে।
ছাত্ৰ-ছাত্ৰীসকলৰ বাবে assamadmission samarth.ac.in পৰ্টেলটো আজি নিশা ১০ বজাৰ পৰা মুকলি হ'ব। এই পৰ্টেলৰ জৰিয়তে শিক্ষার্থীসকলে স্নাতক পৰ্য্যায়ত নামভৰ্তি কৰিব পাৰিব। আসন অনুপাতে নামভৰ্তি প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে ৰাজ্যৰ প্ৰতিখন মহাবিদ্যালয়ত এই পটেল বাধ্যতামূলক কৰা হৈছে। প'ৰ্টেলত প্ৰতি গৰাকী শিক্ষার্থীয়ে ১০ খন পর্যন্ত মহাবিদ্যালয় বাছনি কৰিব পাৰিব।
তাৰ ভিতৰত নিজৰ পচন্দ অনুসৰি এখন মহাবিদ্যালয়ত নামভৰ্তি কৰিব পাৰিব। নামভৰ্তি বাতিল নকৰা পৰ্য্যন্ত আবেদনকাৰী শিক্ষার্থীয়ে দ্বিতীয়খন মহাবিদ্যালয়ত নামভৰ্তি কৰিব নোৱাৰিব। প্ৰতিগৰাকী শিক্ষার্থীৰ বাবে এখনকৈ আসন নিশ্চিত কৰা হ'ব। এই অনুষ্ঠানত শিক্ষা বিভাগৰ উপদেষ্টাকে ধৰি কেইবাগৰাকীও বিশিষ্ট বিষয়া উপস্থিত থাকে। (AIR NEWS)