A part of Indiaonline network empowering local businesses

সম্প্ৰতি ৰাজ্যৰ ২২ খন জিলাৰ প্ৰায় ৫ লাখ লোক বানৰ কবলত

News

অসমত বান পৰিস্থিতিয়ে শোচনীয় ৰূপ ধাৰণ কৰিছে। ৰাজ্যখনৰ ২২ খন জিলাৰ প্ৰায় ৫ লাখ লোক বানৰ কবলত পৰিছে। বানৰ ফলত ২৮টা ৰাজহ চক্ৰৰ এহেজাৰ ৩৬৬ খন গাঁও প্ৰভাৱিত হৈছে। ইয়াৰ উপৰি ১৪ হাজাৰ ৯১ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানৰ ফলত তামুলপুৰ আৰু বাক্সা জিলাত এজনকৈ লোকৰ মৃত্যু হৈছে। অসম দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি বানৰ ফলত কেইবাখনো জিলাৰ ভালেমান মথাউৰি, বাট-পথ, দলং আৰু ভালেমান আন্তঃগাঁথনিৰ ক্ষতিসাধন হৈছে। ৰাজ্য চৰকাৰে বান প্ৰভাৱিত জিলাকেইখনত ৮৩টা আশ্রয় শিবিৰ মুকলি কৰাৰ লগতে ৭৯টা সাহায্য সামগ্রী বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। বানৰ কবলত পৰা লোকসকলক উদ্ধাৰ আৰু সাহায্যৰ বাবে এন ডি আৰ এফ আৰু এছ ডি আৰ এফক নিয়োগ কৰা হৈছে। ৰাজ্যখনৰ বেঁকী, মানস, পাগলাদিয়া, পুঠিমাৰী আদি নৈৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। ইয়াৰ উপৰিও ব্ৰহ্মপুত্ৰৰ জলস্তৰ নিমাতীঘাট আৰু ধুবুৰীত বিপদসীমাৰ ওপৰেৰে বৈ আছে। (AIR NEWS)

97 Days ago