A part of Indiaonline network empowering local businesses

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৫ সংখ্যক মৃত্যু দিবসত ৰাজ্যজুৰি শ্ৰদ্ধাঞ্জলি

News

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৫ সংখ্যক মৃত্যু দিবস উপলক্ষে ৰাজ্যজুৰি ৰসৰাজৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। অসম সাহিত্য সভাই এইবাৰ এই বিশেষ দিনটো সাহিত্য দিবস হিচাপে পালন কৰিছে। গোৱালপাৰাত কেন্দ্রীয়ভাবে এই দিৱস পালন কৰা হৈছে। ইপিনে, তেজপুৰ সাহিত্য সভাৰ উদ্যোগত দেওবাৰে এই উপলক্ষে শ্রদ্ধা তৰ্পনৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই অনুষ্ঠানত ভালেসংখ্যক শিশুৱে অংশগ্ৰহণ কৰে। ওদালগুৰি জিলাৰ টংলা শতদল সাহিত্য সভাৰ উদ্যোগত আৰু কুকুৰাকাটা নেপালীখুটি গাওঁবাসীৰ সহযোগত সাহিত্যৰথীৰ মৃত্যুৰ দিনত দিনজোৰা কাৰ্যসূচী গ্ৰহণ কৰা হয়। বৰপেটা জিলাতো জিলা সাহিত্য সভা, বৰপেটা সাহিত্য সভা, পাটাছাৰকুছি সাহিত্য সভা আদিৰ উদ্যোগত ৰসৰাজৰ মৃত্যুৰ দিনটোত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। বৰপেটা সাহিত্য সভা ভৱনত আয়োজিত অনুষ্ঠানত সভাৰ সভাপতি ড° বাবুল চন্দ্ৰ দাসে সাহিত্যৰথীয়ে অসমীয়া জাতিক সাহিত্য সাধনাৰে সমৃদ্ধ কৰাৰ লগতে জাতীয়তাবোধৰ শিক্ষা দি গৈছে বুলি মত প্ৰকাশ কৰে। (AIR NEWS)

62 Days ago