आपकी जीत में ही हमारी जीत है
Promote your Business

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ধৃতিৰাজ বাস্তৱ কলিতাৰ

news

গুৱাহাটী: আজি ৰাতিপুৱা ঘোষণা কৰা হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল কৰিলে দৰঙ জিলাৰ ধৃতিৰাজ বাস্তৱ কলিতাই। দৰঙৰ বৰমপুৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতাই পদুমপুখুৰী হাইস্কুল পৰীক্ষা কেন্দ্ৰত দিছিল পৰীক্ষা। 

ধৃতিৰাজ পাথৰিঘাট বানেইকুছি গাওঁৰ নিবাসী নৱ কুমাৰ কলিতা আৰু টুলুমণি কলিতাৰ পুত্ৰ। প্ৰাপ্ত তথ্য অনুসৰি ধৃতিৰাজে সৰ্বমুঠ ৫৯৫ নম্বৰ লাভ কৰিছে। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ৩,৪২,২২৪। আনহাতে উত্তীৰ্ণৰ হাৰ ৬৪.৮০ শতাংশ।   (INDIAONLINE)

29 Days ago

Download Our Free App

Advertise Here