आपकी जीत में ही हमारी जीत है
Promote your Business

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, উত্তীৰ্ণৰ হাৰ ৬৪.৮০ শতাংশ

news

গুৱাহাটী: আজি ঘোষণা কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এইবাৰ সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে ঘোষণা কৰা হৈছে ফলাফল। হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ উত্তীৰ্ণৰ হাৰ ৬৪.৮০ শতাংশ।  

এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ৩,৪২,২২৪। ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৪৮,২৭৮ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ৭৭,৮৫০ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৯৫,৬২৮ গৰাকী। আনহাতে উত্তীৰ্ণৰ সংখ্যা সৰ্বমুঠ ২,২১,৭৫৬ গৰাকী। 

এইবাৰ ৮৩.৯২ শতাংশ উত্তীৰ্ণ হাৰেৰে শীৰ্ষত আছে শিৱসাগৰ জিলা। জিলাখনত সৰ্বমুঠ ১১,০২৩ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। তাৰে ৯,২৫১ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে।

আনহাতে সৰ্বনিম্ন ধুবুৰী জিলা। জিলাখনত উত্তীৰ্ণৰ হাৰ ৪৪.২০ শতাংশ। জিলাখনত সৰ্বমুঠ ১৮,৮২৩ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে ৮,৩১৯গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। (INDIAONLINE)

29 Days ago

Download Our Free App

Advertise Here