A part of Indiaonline network empowering local businesses

হোম কোৱাৰেণ্টাইনত থকা সকলক নিৰীক্ষণৰ বাবে বিশেষ ‘ম’বাইল এপ’ মুকলি

news

গুৱাহাটী: হোম কোৱাৰেণ্টাইনত থকা লোকসকলক কঠোৰ নিৰীক্ষণত ৰাখিবলৈ মুকলি কৰা হ’ল এটা বিশেষ এপ। স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে বহিঃৰাজ্যৰ পৰা অসমলৈ অহা লোকসকলৰ বাবে যোৰহাটৰ চ্যুকাফা সমন্বয় ক্ষেত্ৰত স্থাপন কৰা অস্থায়ী জ'নেল স্ক্ৰীণিং কেন্দ্ৰটো পৰিদৰ্শন কৰি কাম কাজৰ বুজ লোৱাৰ লগতে স্ক্ৰীণিং কেন্দ্ৰটোত ‘কোভিড সুৰক্ষা’ নামৰ এই বিশেষ এপটো মুকলি কৰে৷ 

এই এপটোৰ জৰিয়তে কোৱাৰেণ্টাইনত থকা লোকসকলৰ বাবে ১৫০ মিটাৰৰ জিঅ'ফেন্সিঙৰ ব্যৱস্থাৰ লগতে প্ৰতিজন লোকৰ বাবে ‘Unique QR code’ থাকিব যি কোড ব্যক্তিজনৰ ঘৰলৈ যোৱা স্বাস্থ্য কৰ্মীৰ দলে স্ক্ৰীণিং কৰিব।

এই এপটোৰ জৰিয়তে হোম কোৱাৰেণ্টাইনত থকা লোকসকলক নিৰীক্ষণ কৰি থকাত সুবিধা হ'ব বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে৷ হোম কোৱাৰেণ্টাইনত থকা লোকসকলে ম’বাইলত এই এপটো ডাউনলোড কৰি ল'ব লাগিব। এপটো প্ৰস্তত কৰাৰ বাবে যোৰহাট জিলা উপায়ুক্তৰ লগতে জিলা প্ৰশাসনক প্ৰশংসা কৰে স্বাস্থ্যমন্ত্ৰীজনে।  (INDIAONLINE)

1204 Days ago

Video News