आपकी जीत में ही हमारी जीत है
Promote your Business

১২ জানুৱাৰীত দেৱী কামাখ্যা নৃত্য উৎসৱ

news

গুৱাহাটী: ঐতিহ্যমণ্ডিত পীঠস্থান কামাখ্যা ধামত প্রথমবাৰৰ বাবে আয়োজিত হ’ব ‘দেৱী কামাখ্যা নৃত্য উৎসৱ-২০২০’। গুৱাহাটীৰ ভাৰত নাট্যম আৰু সত্রীয়া নৃত্যৰ দুখন শিক্ষানুষ্ঠান ‘কল্পবৃক্ষ’ আৰু ‘মুক্তিমঙল’ৰ যুটীয়া উদ্যোগত ১২ জানুৱাৰীত এই উৎসৱ আয়োজন কৰা হ’ব। এই সন্দর্ভত গুৱাহাটী প্রেছ ক্লাবত এখন সংবাদ মেল অনুষ্ঠিত কৰি উদ্যোক্তা তথা ‘কল্পবৃক্ষ’ আৰু ‘মুক্তিমঙল’ৰ অধ্যক্ষ সংগীতা ঘোষ আৰু মীড়নন্দা বৰঠাকুৰে কয় যে খাজুৰাহো তথা কোনার্ক নৃত্য উৎসৱৰ দৰে কামাখ্যাত এই উৎসৱো বার্ষিকভাৱে অনুষ্ঠিত কৰা হ’ব৷

ভাৰত চৰকাৰৰ ‘অপনে দেশ সে জুদে ৰহো’ আঁচনিৰ প্রেৰণাৰে অনুষ্ঠিত এই নৃত্যানুষ্ঠান মা কামাখ্যাৰ পুহন বিয়াৰ দিনা দেৱীৰ প্রতি নৃত্যৰে শ্রদ্ধা জনোৱা হ’ব বুলি উদ্যোক্তা দুগৰাকীয়ে সদৰী কৰিছে৷ ৰাষ্ট্রীয় পর্যায়ৰ এই উৎসৱত ৮গৰাকী প্রখ্যাত শিল্পীয়ে ভাৰতৰ ৮টা শাস্ত্রীয় নৃত্য প্রদর্শন কৰিব৷ দেৱী কামাখ্যা নৃত্য উৎসৱত মোহিনী অষ্টম নৃত্য জয়াপ্রভা মেননে, ওডিচী নৃত্য কবিতা দ্বিবেদীয়ে, কথাকলী নৃত্য অমলজিতে, মণিপুৰী নৃত্য বিম্বাৱতীয়ে, কুচিপুডী নৃত্য প্রতীক্ষা কাশীয়ে, ভাৰত নাট্যম নৃত্য ৰাহু দেৱ মণ্ডল, কথক নৃত্য পাৰমিতা ভট্টাচার্যই আৰু সত্রীয়া নৃত্য দীপজ্যোতি দীপাংকৰে প্রদর্শন কৰিব৷ 

উল্লেখযোগ্য যে এই সমগ্র অনুষ্ঠানটো আয়োজনত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ লগতে পর্যটন বিভাগ, সাংস্কৃতিক সঞ্চালকালয় আৰু সংগীত-নাটক অকাদেমিয়েও সহযোগিতা আগবঢ়াইছে৷ (INDIA ONLINE)

81 Days ago

Download Our Free App