A part of Indiaonline network empowering local businesses

২০০০ টকীয়া নোট প্রত্যাহাৰৰ সমস্ত প্ৰক্ৰিয়া বাধাৰহিত হ’বঃ শক্তিকান্ত দাস

News

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে কৈছে যে, ২০০০ টকীয়া নোট প্রত্যাহাৰৰ সমস্ত প্ৰক্ৰিয়া বাধাৰহিত হ’ব। তেওঁ কয় যে, ৰিজাৰ্ভ বেংকে নিয়মীয়াভাৱে পৰিস্থিতি নিৰীক্ষণ কৰি আছে। নতুন দিল্লীৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীদাসে কয় যে, যোৱা বছৰৰ মুঠ ঘৰুৱা উৎপাদন ৭ শতাংশৰো অধিক হ’লে একো আচৰিত হ'বলগীয়া নাই। কৃষি খণ্ড ভাল প্রদর্শন, স্বাভাৱিক বৰষুণৰ পুৰ্বানুমানৰ লগতে সেৱা খণ্ডৰ উন্নত প্ৰদৰ্শনৰ ধাৰাৰ বাবেই এয়া সম্ভৱ হৈ উঠিব বুলি আৰ বি আই আস্থাৱান। (AIR NEWS)

188 Days ago