आपकी जीत में ही हमारी जीत है
Promote your Business

২০২১ চনৰ পৰা অসমীয়া ভাষাতো অনুষ্ঠিত হ’ব JEE পৰীক্ষা

news

গুৱাহাটী: ২০২১ চনৰ পৰা অসমীয়া ভাষাতো অনুষ্ঠিত হ’ব মেডিকেল আৰু ইঞ্জিনীয়াৰিংৰ যৌথ বাচনি পৰীক্ষা। শেহতীয়াকৈ সমগ্ৰ দেশজুৰি হোৱা প্ৰবল বিতৰ্কৰ পিছত মানৱ সম্পদ মন্ত্ৰালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত অনুসৰি ২০২১ চনৰ পৰা সমগ্ৰ দেশত মুঠ ১১ টা ভাষাত অনুষ্ঠিত হ’ব এই যৌথ বাচনি পৰীক্ষা। শীঘ্ৰেই এই সিদ্ধান্ত সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰা হ’ব।

এই পৰ্যন্ত কেৱল ইংৰাজী আৰু হিন্দী ভাষাতে এই যৌথ বাচনি পৰীক্ষা অনুষ্ঠিত হৈ আহিছিল যদিও শেহতীয়াকৈ নেশ্যনেল টেষ্টিং এজেন্সিৰ তৰফৰ পৰা এই পৰীক্ষা গুজৰাটী ভাষাতো অনুষ্ঠিত হ’ব বুলি কৰা ঘোষণাৰ পিছত সমগ্ৰ দেশজুৰি তুমুল বিতৰ্কৰ সূত্ৰপাত হয়। বিষয়টো ৰাজনৈতিক মহলতো যথেষ্ট চৰ্চিত হয় আৰু অসমৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যকে ধৰি পশ্চিমবংগৰ শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জী আৰু অন্যান্য ৰাজ্যৰ শিক্ষামন্ত্ৰীসকলেও এনটিএলৈ পত্ৰ প্ৰেৰণ কৰে।

বিভিন্ন ৰাজ্যৰ পৰা দিয়া প্ৰবল হেঁচাৰ ফলত শেহতীয়াকৈ এনটিএই সমগ্ৰ বিষয়টো চালি-জাৰি চাই শেহতীয়াকৈ ১১ টা ভাষাত এই যৌথ বাচনি পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মানৱ সম্পদ দপ্তৰৰ এক সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, ইংৰাজী আৰু হিন্দীৰ উপৰিও গুজৰাটীৰ লগতে, পৰৱৰ্তী বৰ্ষৰ পৰা অসমীয়া, বাংলা, কন্নড়, মাৰাঠী, উড়িয়া, তামিল, তেলেগু আৰু উৰ্দু ভাষাত এই পৰীক্ষা অনুষ্ঠিত হ’ব।

অৱশ্যে ২০২০ চনৰ এই যৌথ পৰীক্ষা ইংৰাজী, হিন্দী আৰু গুজৰাটী ভাষাত অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰিছে মানৱ সম্পদ দপ্তৰ আৰু এন টি এই। (INDIA ONLINE)

217 Days ago

Video News

Download Our Free App

Advertise Here