বিত্তমন্ত্রী অজন্তা নেওগে অসম বিধানসভাত দাখিল কৰা বাজেটখনে নতুন অসমৰ অভিলাষ আৰু কাৰ্য্যপন্থাসমূহ প্রতিফলিত কৰিছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মত প্রকাশ কৰিছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে বাজেটখনে ৰাজ্যখনৰ উন্নয়নমূলক গাঁথনিসমূহ শক্তিশালী কৰিব। অসমক ৰাষ্ট্ৰীয় বিকাশৰ ক্ষেত্ৰত অন্যতম অৱদানকাৰী হিচাপে পৰিগণিত কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰে। অগপৰ সভাপতি অতুল বৰাই বাজেটখন যথার্থতে এখন জনমুখী বাজেট বুলি অভিহিত কৰিছে। বাজেটত প্ৰস্তাৱিত কাৰ্য্যসূচীসমূহৰ দ্বাৰা সাধাৰণ তথা মধ্যবিত্ত শ্ৰেণীৰ জনসাধাৰণে সকাহ পাব বুলি তেওঁ মন্তব্য কৰে। ইপিনে, অসম প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই দৰিদ্ৰতা, অসমতা আৰু নিবনুৱা সমস্যা সমাধানৰ বাবে চৰকাৰৰ দূৰদৃষ্টি নাই, বৰং নির্বাচনকেন্দ্ৰিক ঘোষণা কৰা হৈছে বুলি মন্তব্য কৰে। একেদৰে, তৃণমূল কংগ্ৰেছ দলৰ অসমৰ মুৰব্বী ৰিপুণ বৰাই বাজেটখন সম্পূৰ্ণৰূপে কৰৰ ওপৰত নিৰ্ভৰশীল বুলি মন্তব্য কৰিছে। (AIR NEWS)