বিত্তমন্ত্রী অজন্তা নেওগে সামাজিক সুৰক্ষাত গুৰুত্ব আৰোপ কৰি অসম বিধানসভাত কালি ২০২৩-২৪ বৰ্ষৰ পূৰ্ণাঙ্গ বাজেট দাখিল কৰে। ২০২৩-২৪ বৰ্ষৰ বাজেটখন একত্ৰীকৰণ বিষয়ক বাজেট হোৱাৰ লগতে সম্প্ৰসাৰণ বিষয়ক বাজেট বুলিও মন্ত্ৰীগৰাকীয়ে ভাষণৰ আৰম্ভণিতে উল্লেখ কৰে। শ্ৰীমতী নেওগে ৰাজ্যত মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম যোজনা আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। এই আঁচনিৰ অধীনত ২৭ লাখ পৰিয়ালে ৫ লাখ টকাৰ নগদ ধনবিহীন চিকিৎসাৰ সুবিধা লাভ কৰিবলৈ সমৰ্থ হ'ব। চৰকাৰে লগতে প্রধানমন্ত্ৰী আৱাস যোজনাৰ লেখিয়াকৈ মুখ্যমন্ত্ৰী আৱাস যোজনা প্ৰৱৰ্তনৰ কথাও ঘোষণা কৰে। ২০২৩-২৪ বৰ্ষত ১ লাখ হিতাধিকাৰীক এই আঁচনিৰ জৰিয়তে সামৰি লোৱা হ'ব আৰু ইয়াৰ বাবে ৮০০ কোটি টকা আবণ্টন দিয়া হৈছে। বিত্তমন্ত্ৰীয়ে বাজেটত অত্যাধুনিক সুবিধাসহ তিনি হাজাৰ নতুন আদর্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ দিয়ে। ইপিনে, অহা ৩ বছৰত ৰাজ্যখনৰ ২ লাখ নিবনুৱা যুৱক-যুৱতীক নিয়োগ সৃষ্টিকাৰীলৈ ৰূপান্তৰ কৰাৰ সম্ভাৱনা বহন কৰি ৰাজ্য চৰকাৰে ৫ হাজাৰ কোটি টকা বিনিয়োগ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কালি বাজেটত উল্লেখ কৰে। তদুপৰি, ৩ বছৰৰ ভিতৰত ক্ষুদ্র উদ্যোগ স্থাপনত সহায় কৰাৰ বাবে ১ লাখ যুৱক-যুৱতীক কিস্তি হিচাপে ২ লাখ টকাকৈ এককালীন প্ৰাৰম্ভিক পুঁজি আগবঢ়োৱাৰ বাবে বাজেটত প্ৰস্তাৱ দিয়া হৈছে। এই যুৱক-যুৱতীসকলক ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ তথা অন্যান্য খণ্ডৰ সৈতে জড়িত কৰোৱা হ'ব। একেদৰে, ৭৭ টা ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু কাৰিকৰী প্ৰতিষ্ঠানক ৩৬৭ কোটি টকা ব্যয়ৰে উৎকৰ্ষ কেন্দ্ৰলৈ উন্নীত কৰা হ'ব। অসম চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ পৰিয়াল আৰু নিম্ন আয়ৰ পৰিয়ালৰ যুৱক-যুৱতীসকলৰ মাজত স্ব-নিয়োজনৰ সুবিধা সৃষ্টি কৰাৰ উদ্দেশ্যে ক্ষুদ্র উদ্যোগীৰ উন্নয়নৰ বাবে এখন আঁচনি ৰূপায়ণ কৰাৰ প্ৰস্তাৱ দিছে। আর্থিকভাৱে পিছপৰা শ্ৰেণীৰ লোকসকলৰ কল্যাণৰ বাবে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকললৈ আগবঢ়োৱা মাহিলী ধনৰ পৰিমাণ এহেজাৰ ২৫০ টকাৰ পৰা এহেজাৰ চাৰিশ টকালৈ বৃদ্ধিৰ বাবে বাজেটত ৩ হাজাৰ ৪২০ কোটি টকা ধাৰ্য্য কৰা হৈছে। আনহাতে, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত হিতাধিকাৰীসকলক ৰেচন কাৰ্ডৰ সুবিধা প্ৰদানৰ বাবে বাজেটত ৪০৪ কোটিৰো অধিক ধন ধাৰ্য্য কৰা হৈছে। প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ৰাজ্যখনত ৫০০ খন বিদ্যালয় গৃহৰ উন্নয়নৰ বাবে ব্যৱস্থা লোৱা হৈছে। ইয়াৰ বাবে বাজেটত দুহেজাৰ ৫০০ কোটি টকা ধাৰ্য্য কৰা হৈছে। এখন উজ্জীৱিত অসমৰ বাবে শক্তিশালী ভেটি নিৰ্মাণৰ লক্ষ্যৰে এইবাৰৰ বাজেটত আয়-ব্যয় সম্বন্ধীয় একত্ৰীকৰণ, বিত্তীয় একত্ৰীকৰণ, কৃষি খণ্ডৰ একত্ৰীকৰণ আৰু আন্তঃগাঁথনিমূলক বিকাশৰ একত্ৰীকৰণত গুৰুত্ব আৰোপ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত প্ৰকাশ কৰে। ১০ হাজাৰ কোটি টকাৰ প্ৰকল্পৰে পৰিবহণ, পৰ্য্যটন, শিক্ষা আৰু অন্যান্য সামাজিক খণ্ডসমূহৰ আন্তঃগাঁথনি শক্তিশালী কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে । অসমৰ চাহ উদ্যোগৰ দুশ বছৰ পূৰ্ণ হোৱা উপলক্ষে চৰকাৰে গ্ৰহণ কৰিবলগীয়া কাৰ্য্যসূচীৰ অধীনত চাহৰ ৰাজ-সাহায্য বৃদ্ধিৰ বাবে এশ কোটি টকা ধাৰ্য্য কৰা হৈছে। অসমৰ চাহ উদ্যোগৰ ২০০ বছৰ সম্পূর্ণ হোৱা উপলক্ষে দেশৰ লগতে বিদেশৰ বিভিন্ন মহানগৰত ৰোড শ্ব কৰাৰ বাবেও বাজেটত উল্লেখ কৰা হৈছে। তদুপৰি, গৰ্ভাৱস্থাত কামলৈ যাব নোৱাৰা চাহ-শ্ৰমিকসকলৰ ক্ষতিপূৰণৰ বাবে ধনৰাশি ১৫ হাজাৰ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছে। অসম দৰ্শন আঁচনিৰ অধীনত ৰাজ্যখনত ৮ হাজাৰ নতুন নামঘৰ নিৰ্মাণ কৰাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰি, প্ৰতিটো আধ্যাত্মিক আৰু ধৰ্মীয় অনুষ্ঠানৰ দ্বাৰা উন্নয়নৰ স্বাৰ্থ্যত আগবঢ়োৱাৰ সিদ্ধান্ত কাৰ্য্যকৰী কৰাৰ প্ৰস্তাৱ বাজেটত দিয়া হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত এখন আসন প্ৰতিষ্ঠাৰ প্ৰস্তাৱৰ লগতে গোৱালপৰীয়া লোকগীতৰ শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ স্মৃতি বিজড়িত গৌৰীপুৰৰ ৰাজপ্রাসাদ মাটিয়াবাগক যাদুঘৰলৈ ৰূপান্তৰ কৰাৰ বাবে চৰকাৰে প্ৰস্তাৱ লৈছে। মহিলা আৰু শিশুৰ উন্নয়নৰ নামত বাজেটত দুশ কোটি টকা ধাৰ্য্য কৰাৰ কথাও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ২০২২ বৰ্ষৰ ১৫ ছেপ্টেম্বৰত শান্তি চুক্তি স্বাক্ষৰ কৰা আদিবাসী গোটৰ আত্ম-সমৰ্পণকাৰী সদস্যসকলক পুনৰ সংস্থাপনৰ বাবে ইতিপূর্বে দিয়া ৯৪ কোটি টকা ব্যয়ৰ প্ৰস্তাৱ ৰূপায়ণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে বাজেটত প্ৰকাশ কৰে। বাজেটখনত লগতে পৰ্যটনৰ সম্ভাৱনা, জনসাধাৰণৰ মৌলিক প্রয়োজন পূৰণ, ক্রীড়া, সংস্কৃতি, যাতায়াত ব্যৱস্থাৰ জৰিয়তে ৰূপান্তৰ, সকলোৰে বাবে শিক্ষা, সুদক্ষ অসম, শান্তি, অৰ্থনৈতিক দৃশ্যপট, পুনৰ উজ্জীৱিত ভাৰত আৰু পুনৰ উজ্জীৱিত অসম আদি বিষয়ত গুৰুত্ব দিয়া হৈছে। (AIR NEWS)