A part of Indiaonline network empowering local businesses

২১ সংখ্যক পশুধন গণনাৰ বাবে নতুন দিল্লীত বৈঠক অনুষ্ঠিত

news

২১ সংখ্যক পশুধন গণনাৰ বাবে আজি নতুন দিল্লীত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত পশুধন গণনাৰ বাবে ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়। পশুপালন আৰু দুগ্ধ উৎপাদন বিভাগৰ সচিব অলকা উপাধ্যায়ৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ শীৰ্ষ বিষয়াসকলৰ লগতে কাৰিকৰী কমিটিৰ সদস্যসকলে অংশগ্ৰহণ কৰে। মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ে এখন বিজ্ঞপ্তি যোগে কৈছে যে, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ অংশগ্রহণেৰে ছেপ্তেম্বৰৰ পৰা ডিচেম্বৰৰ ভিতৰত ২১ সংখ্যক পশুধন গণনা কৰা হ'ব। উল্লেখযোগ্য যে, ১৯১৯ চনৰ পৰা প্ৰতি ৫ বছৰৰ মূৰে মূৰে এই পশুধন গণনা কাৰ্যসূচী গ্ৰহণ কৰা হয়। (AIR NEWS)

12 Days ago