৫ জানুৱাৰীত গুৱাহাটীত ভাৰত-শ্ৰীলংকাৰ আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচ

news

গুৱাহাটী: ৰাজ্যত চাৰিওফালে নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰোধিতাৰো প্ৰতিবাদ চলি থকাৰ মাজতে ক্ৰীড়া প্ৰেমীসকলৰ বাবে এক ভাল খবৰ। গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰত আৰু শ্ৰীলংকাৰ মাজত আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেট মেচ। অহা ৫ জানুৱাৰীত বর্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত এই খেলখন অনুষ্ঠিত হ’ব বুলি সদৰি কৰিছে অসম ক্ৰিকেট সন্থাই।

লগতে ক্ৰিকেট সন্থাৰ ফালৰ পৰা জানিবলৈ দিয়া অনুসৰি খেল উপভোগ কৰাৰ বাবে ৪০ হাজাৰ টিকট মুকলি কৰা হ’ব। ২৪ ডিচেম্বৰ (মঙলবাৰ)ৰ পৰা টিকট ক্ৰয় কৰিব পাৰিব ক্ৰীড়াপ্ৰেমীসকলে। এই আন্তঃৰাষ্ট্ৰীয় খেলখনত বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলিও উপস্থিত থাকিব। আনহাতে খেলত অংশ লোৱাৰ বাবে ২ জানুৱাৰীত গুৱাহাটীত উপস্থিত হ’বহি দুয়োটা দলৰে খেলুৱৈসকল। (INDIA ONLINE)

55 Days ago