A part of Indiaonline network empowering local businesses

৭৮ সংখ্যক গল্ডেন গ্লোব বঁটা প্ৰদান

News

৭৮ সংখ্যক গল্ডেন গ্লোব বঁটাসমূহ আজি প্ৰদান কৰা হয়। নমাডলেণ্ড আৰু বৰাট চাবচিকুৱেণ্ট মুভি ফিল্ম বৃহৎ বিজয়ী হিচাপে পৰিগণিত হৈছে। নমাডলেণ্ড শ্ৰেষ্ঠ চিনেমা হিচাপে পৰিগণিত হৈছে আৰু ইয়াৰ পৰিচালক ক্লো ঝাউক শ্ৰেষ্ঠ পৰিচালকৰ বঁটা দিয়া হৈছে। উল্লেখযোগ্য যে ১৯৮৩ চনৰ পাছত গ্লোবৰ ইতিহাসত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা পোৱা ঝাউ হৈছে দ্বিতীয়গৰাকী মহিলা।

২০০৬ চনৰ সফল চিনেমা বৰাটৰ পৰৱৰ্তী সংস্কৰণ হিচাপে নিৰ্মাণ কৰা বৰাট চাবচিকুৱেণ্ট মুভি ফিল্মলৈ শ্ৰেষ্ঠ সংগীত প্ৰধান বা হাস্যমধুৰ চিনেমাৰ বঁটা আগবঢ়োৱা হৈছে। ইয়াত কৰা অভিনয়ৰ বাবে চাচা বেৰন কোহেনক অভিনেতাৰ শ্ৰেষ্ঠ প্ৰদৰ্শনী শিতানত বঁটা দিয়া হৈছে। আণ্ড্ৰা ডেলৈ দি ইউনাইটেড ষ্টেটচ ভাৰ্ছেজ বিলি হলিদেত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা আগবঢ়োৱা হৈছে। এই শিতানত বঁটা লাভ কৰা তেওঁ হৈছে এই পৰ্যন্ত দ্বিতীয়গৰাকী কৃষ্ণাংগ অভিনেত্ৰী। আনহাতে আই কেয়াৰ এ লট নামৰ চিনেমাখনত কৰা অভিনয়ৰ বাবে ৰজামণ্ড পাইকক হাস্যমধুৰ চিনেমাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা দিয়া হয়। দি ক্ৰাউন নামৰ চিনেমাখনে চাৰিটা বঁটা লাভ কৰে। শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী হিচাপে পৰিগণিত হয় জিলিয়ান এণ্ডাৰছন। (AIR)

937 Days ago

Video News