ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত অহা ২০ ছেপ্তেম্বৰৰ পৰা ২৬ অক্টোবৰলৈ অমৃত কলহ যাত্রা অভিযান ৰাজ্যজুৰি উদযাপন কৰা হ'ব। মোৰ মাটি, মোৰ দেশ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ৰূপায়ণ কৰিবলৈ লোৱা এই অভিযানৰ কাৰ্যসূচী অনুসৰি ২০ ছেপ্তেম্বৰৰ পৰা ১ অক্টোবৰলৈ গাঁও পর্যায়ত জিলা আয়ুক্তসকলে পঞ্চায়ত আৰু গ্রামোন্নয়ন তথা গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সৈতে আলোচনা কৰি কিছুসংখ্যক আত্মসহায়ক গোট চিনাক্ত কৰিব। এই আত্মসহায়ক গোটসমূহে প্ৰতিখন গাঁৱৰ প্ৰতিটো পৰিয়ালৰ পৰা মাটিৰ পাত্ৰত সংগ্রহ কৰিব। নগৰীয় এলেকাত উপলব্ধতা অনুসৰি মাটিৰ সলনি চাউল ব্যৱহাৰ কৰা হ'ব। গাঁওসমূহক প্রতিনিধিত্ব কৰা আত্মসহায়ক গোটবোৰে ২ অক্টোবৰৰ পৰা গাঁও পঞ্চায়ত তথা বার্ডলৈ সমদল কৰি আহি গাঁৱৰ প্ৰতিটো পৰিয়ালৰ পৰা সংগ্ৰহ কৰা মাটিৰ পাত্র কার্যালয়ত অর্পণ কৰিব। সংগৃহীত মাটিখিনক মিশ্ৰণ কৰি প্ৰয়োজনীয় পৰিমাণৰ মাটি এটা মাটিৰ পাত্ৰত একগোট কৰি খণ্ড পৰ্যায়ৰ কাৰ্যসূচীলৈ পঠিওৱা হ'ব আৰু ৰৈ যোৱা মাটিখিন সংশ্লিষ্ট গাঁও পঞ্চায়ত বা ৱাৰ্ডৰ অধীনৰ উন্নয়নমূলক কামত ব্যৱহাৰ কৰা হ'ব।
ইপিনে ৮ আৰু ১৫ অক্টোবৰত গাঁও পঞ্চায়ত তথা ৱার্ডৰ পৰা উন্নয়ন খণ্ডৰ কাৰ্যালয় আৰু নগৰীয়া স্থানীয় নিকায়ৰ পৰা ৰাজ্যৰ ৰাজধানীলৈ আয়ুক্তসকলে জিলাসমূহৰ বাবে নিৰ্ধাৰণ কৰা সময়সূচী অনুসৰি মাটিৰ পাত্ৰৰ সৈতে সমদল কৰিব। সংগৃহিত মাটিখিনি মিহলি কৰি প্ৰয়োজনীয় পৰিমাণৰ মাটি সংশ্লিষ্ট জিলা প্রশাসনে প্রদান কৰা দুটা পিতলৰ পাত্ৰত ৰখাৰ বিপৰীতে ৰৈ যোৱা মাটিখিনি সংশ্লিষ্ট উন্নয়ন খণ্ডৰ উন্নয়নমূলক কামকাজত ব্যবহাৰ কৰা হ'ব। জিলা প্রশাসনে ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীত অর্পণ কৰা সময়লৈকে পাত্র দুটাৰ শুচিতা আৰু পৱিত্ৰতা সুৰক্ষিত হৈ থকাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সমদলত গাঁও তথা আঞ্চলিক পঞ্চায়তৰ সচিব, সভাপতি, পঞ্চায়তৰ সদস্য, আত্মসহায়ক গোটৰ সদস্য, নেতৃস্থানীয় নাগৰিক, ক্রীড়াবিদ, সাংবাদিক, সাংস্কৃতিক কর্মী, গায়ন বায়ন, বিহু সমিতিৰ সদস্য সকলে অংশগ্রহণ কৰিব।
ইয়াৰ পাছত জিলা আযুক্তসকলে এন এছ এছ, এন চি চি আদিৰ পৰা নিৰ্বাচিত কৰা স্বেচ্ছা সেৱকসকলে ২৫ অক্টোবৰত খণ্ড তথা নগৰীয় স্থানীয় নিকায়ৰ পৰা গুবাহাটীৰ শ্রীমন্ত শংকদের কলাক্ষেত্রলৈ পাত্রসমূহ কঢ়িয়াই নিব আৰু ২৬ অক্টোবৰত কলাক্ষেত্ৰতে মুখ্যমন্ত্ৰীৰ উপস্থিতিত সমাৰোহ কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই কার্যসূচীতে প্রতিনিধি দলসমূহৰ নেতৃত্বক দুটাকৈ অমৃত কলহ অর্পণ কৰা হ'ব আৰু অন্তিম কাৰ্যসূচী ৰূপে ২৭ অক্টোবৰত স্বেচ্ছাসেৱকসকলে কলহসমূহ বেল যোগে নতুন দিল্লীলৈ নিব। (AIR NEWS)