A part of Indiaonline network empowering local businesses

ৰাজ্যত অপৰাধ তথা দুর্নীতি নিৰ্মূলৰ বাবে অসম আৰক্ষীৰ প্ৰচেষ্টা অব্যাহত

news


ৰাজ্যত অপৰাধ তথা দুর্নীতি নিৰ্মূলৰ বাবে অসম আৰক্ষী জনসাধাৰণ কাষ চাপি যাবলৈ সকলো প্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে। শেহতীয়াকৈ অসম আৰক্ষী সঞ্চালক প্রধান জি পি সিঙে টুইটাৰ যোগে যিকোনো ধৰণৰ দুর্নীতি বা অভিযোগ দাখিল কৰিবলৈ ই-মেইল আৰু হোৱাটছআপ নম্বৰ প্ৰকাশ কৰিছে। আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে যিকোনো অভিযোগ dgpassam.publicgrievance@ gmail.com আৰু dgp-publicgrievance@assampolice.cov.inত মেইল যোগে আৰু ৬০২৯৯০৩৪১০ নম্বৰত হোৱাটছআপ যোগে দাখিল কৰিব পাৰিব বুলি প্ৰকাশ কৰিছে। (AIR NEWS)

80 Days ago