A part of Indiaonline network empowering local businesses

ৰাজ্যত গ্ৰীষ্ম প্ৰৱাহৰ ফলত স্বাভাৱিক জীৱন-যাত্রা ব্যাহত

news

বিগত কিছুদিন ধৰি ৰাজ্যখনত গ্ৰীষ্ম প্ৰৱাহৰ ফলত স্বাভাৱিক জীৱন-যাত্রা ব্যাহত হৈছে। চলিত বছৰৰ এপ্ৰিল মাহৰে পৰা ছেগা-চোৰোকাকৈ হোৱা বৰষুণৰ ফলত উত্তাপ কিছু প্রশমিত হোৱাৰ বাহিৰে ৰাজ্যখনত এইবাৰ গৰমে জনসাধাৰণক বাৰুকৈয়ে জুৰুলা কৰিছে। গুৱাহাটী, শিলচৰকে ধৰি ৰাজ্যৰ মূল চহৰ নগৰসমূহত ছেপ্তেম্বৰ মাহৰ তাপমাত্রা সৰ্বকালৰ সৰ্বাধিক ৩৯ দশমিক ৪ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছে। গুৱাহাটীত থকা আঞ্চলিক বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে, মহানগৰীখনৰ তাপমাত্রা আজি ৩৮ দশমিক ২ ডিগ্ৰী চেলছিয়াছ যদিও ৫১ ডিগ্রী যেন অনুভূত হৈছে। এই তাপমাত্রা স্বাভাৱিক অৱস্থাতকৈ ৬ দশমিক ৪ ডিগ্রী অধিক। আনহাতে, শিলচৰত ৩৯ দশমিক ৪ ডিগ্রী তাপমাত্রা ৰেকৰ্ড কৰা হৈছে আৰু স্বাভাৱিক অৱস্থাতকৈ এই তাপমাত্রা ৭ দশমিক ৪ ডিগ্ৰী চেলছিয়াছৰ অধিক বুলি তথ্য পোৱা গৈছে। উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যতে চলিত বছৰত বৰষুণৰ পৰিমাণ কম হোৱাৰ তথ্য পোৱা গৈছে। যোৱা ১ জুনৰ পৰা আগষ্টৰ শেষলৈ অসমত স্বাভাৱিকতকৈ ১৩ শতাংশ কম বৰষুণ হোৱাৰ তথ্য পোৱা গৈছে। গ্রীষ্ম প্ৰবাহৰ ফলত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি কৰ্মস্থলীলৈ যোৱা লোকসকল বিশেষভাৱে অসুবিধাৰ সন্মুখীন হৈছে। দিনৰ ভাগত জনসাধাৰণে গৰমৰ প্ৰকোপ কমাবলৈ শীতল পানীয় গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে সঘনে হৈ থকা বিদ্যুৎ কর্তনে জনসাধাৰণক অধিক আহুকালত পেলাইছে। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে, পৰৱৰ্তী ৪-৫ দিনলৈ ৰাজ্যখনৰ তাপমাত্রা একেই হৈ থাকিব। (AIR NEWS)

20 Days ago