A part of Indiaonline network empowering local businesses

ৰাজ্যত বছৰৰ প্ৰথমটো বানত ১৪খন জিলাৰ ৩৩ হাজাৰতকৈ অধিক লোক ক্ষতিগ্ৰস্ত

News

ৰাজ্যখনত বছৰৰ প্ৰথমটো বানত ১৪ খন জিলাৰ ৩৩ হাজাৰতকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ তথ্য অনুসৰি বিশ্বনাথ, কাছাৰ, দৰং, ধেমাজি, ডিব্ৰুগড়, হোজাই, লখিমপুৰ, নগাঁও, শোণিতপুৰ, তিনিচুকীয়া আৰু ওদালগুৰি জিলাৰ ২৫ টা ৰাজহ চক্ৰৰ ১৪২খন গাঁও এই বানৰ কবলত পৰিছে। আনহাতে, এহেজাৰ ৫১০ হেক্টৰ কৃষি ভূমি বানত বুৰ গৈছে। বানত ক্ষতিগ্রস্ত জিলাসমূহত উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ লগতে সাহায্য সামগ্রী কৰা হৈছে। নিমাতীঘাটত ব্ৰহ্মপুত্ৰ আৰু কামপুৰত কপিলী নৈ বিপদসীমাৰ ওপৰেৰে বৈ আছে। একেদৰে পুঠিমাৰি নৈৰ পানীয়েও ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ উপক্ৰম হৈছে। ইপিনে ধুবুৰী জিলাত বিগত কিছু দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত জিলাখনৰ বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। জিলাখনৰ সকলো নৈ-উপনৈ ফেনে-ফোটোকাৰে বৃদ্ধি পোৱাৰ ফলত ন ন অঞ্চল প্লাৱিত হৈছে। ব্ৰহ্মপুত্ৰৰ লগতে গংগাধৰ, গদাধৰ, গৌৰাং, সোণকোষ নৈৰ জলস্তৰ বৃদ্ধি পাইছে। জিলাখনৰ বিলাসীপাৰা, চাপৰ, বগৰীবাৰী আদি অঞ্চলত কৃত্রিম বানৰ ফলত জনজীৱন ব্যাহত হৈছে। ইতিমধ্যে জিলাখনত ফেীসেৱা বন্ধ কৰি দিয়া হৈছে। বিলাসীপাৰা মহকুমা প্রশাসনে স্থানীয় আবর্ত ভৱনত জনসাধাৰণক সহায় আগবঢ়োৱাৰ বাবে যোৱা ১৫ মে'ৰ পৰা ১৫ অক্টোবৰলৈ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে। এই নিয়ন্ত্ৰণ কক্ষৰ ০৩৬৬৭-২৫০০০৫ নম্বৰলৈ ফোন কৰি জনসাধাৰণে তেওঁলোকৰ বান সম্পৰ্কীয় সমস্যা অৱগত কৰিব পাৰিব। ইফালে, নেৰানেপেৰা বৰষুণৰ পৰিপ্ৰেক্ষিতত বৰপেটা জিলাৰ নদীসমূহৰ জলপৃষ্ঠ দ্রুত গতিত উর্ধমুখী হৈছে। ইয়াৰ ভিতৰত পহুমাৰা আৰু কালদিয়া নদীৰ জলপৃষ্ঠ যিকোনো সময়ত বিপদসীমা অতিক্রম কৰাৰ সম্ভাৱনা আছে। ইতিমধ্যে বজালী মহকুমাৰ বহুকেইখন গাঁও প্লাবিত হৈছে। বিশেষকৈ সৰ্থেবাৰী ৰাজহচক্ৰৰ বহু গাঁও বানৰ কবলত পৰিছে। ধাৰাষাৰ বৰষুণৰ ফলত বৰপেটা জিলাৰ বহু গুৰুত্বপূৰ্ণ পথ ক্ষতিগ্রস্ত হোৱাৰা ফলত যান-বাহনৰ চলাচল ব্যাহত হৈছে। (AIR NEWS)

98 Days ago